৫০০ বছৰ পুৰণি ব্ৰঞ্জৰ মূৰ্তি ভাৰতক উভতাব অক্সফৰ্ড বিশ্ববিদ্যালয়ে

237

ব্ৰিটেইনৰ প্ৰতিষ্ঠিত অক্সফৰ্ড বিশ্ববিদ্যালয়ে তামিলনাডুৰ এটা মন্দিৰৰ পৰা চুৰি হোৱা বুলি বিশ্বাস কৰা এজন সন্তৰ ৫০০ বছৰ পুৰণি ব্ৰঞ্জৰ মূৰ্তি ভাৰতক উভতাই দিবলৈ সন্মত হৈছে। বিশ্ববিদ্যালয়খনৰ এছমোলিয়ান সংগ্ৰহালয়ৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে-ভাৰতীয় উচ্চ আয়োগৰ দাবীৰ পিছত ২০২৪ চনৰ ১১ মাৰ্চত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰিষদে ছেইণ্ট তিৰুমাংগাই আলৱাৰৰ ষোল্ল শতিকাৰ ব্ৰঞ্জৰ মূৰ্তিটো আশ্মোলিয়ান সংগ্ৰহালয়ৰ পৰা ভাৰতক উভতাই দিয়াৰ সিদ্ধান্ত লৈছে। চেইণ্ট তিৰুমাংগীৰ ৬০ চেমি ওখ মূৰ্তিটো ১৯৬৭ চনত ছোথবীৰ নিলাম ঘৰৰ পৰা আশ্মোলিয়ান সংগ্ৰহালয়ৰ দ্বাৰা অধিগ্ৰহণ কৰা হৈছিল।