মণিপুৰত অব্যাহত আছে মাদকবিৰোধী অভিযান। এনে সময়তে সেনাৰ জ্যেষ্ঠ বিষয়াৰ চৰকাৰী বাহনৰ ৰূপ দি মাদক সৰবৰাহ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৫ কিলোগ্ৰামৰো অধিক সন্দেহজনক আফিং জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে।
মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে পুৱা প্ৰায় ৯ বজাত সেনাপতি জিলাৰ টি খুলেন পৰীক্ষা চকীত নিয়মীয়া তালাচী অভিযান চলায় আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ যৌথ দলে। সেনাপতি আৰক্ষীৰ বিশেষ অভিযানকাৰী দল, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ডি/৭৮ আৰু বি/১০৯ কিউএটি ইউনিটৰ লগতে অসম ৰাইফলছৰ জোৱানসকলে অভিযানটোত অংশগ্ৰহণ কৰে।
অভিযান চলি থকা সময়তে এএছ-২৩-একে-৫৫৪১ নম্বৰৰ এখন টয়োটা ইনোভা বাহন আটক কৰে যৌথ দলটোৱে। বাহনখনত সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াৰ সৈতে জড়িত চিহ্ন আৰু ভিআইপি পতাকা লগোৱা আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
বাহনখনৰ চালকজনক অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অঞ্চলৰ হিজুগুৰি গাঁৱৰ বাসিন্দা ৪৫ বছৰীয়া তাৰকেশ্বৰ সিংহ বুলি চিনাক্ত কৰা হৈছে।
পৰৱৰ্তী সময়ত বাহনখনত বিস্তৃত তালাচী চলোৱাত পিছফালৰ সোঁদিশৰ দুৱাৰৰ তলত বিশেষভাৱে নিৰ্মাণ কৰা এটা গোপন কক্ষৰ সন্ধান পায় নিৰাপত্তা বাহিনীয়ে। সেই কক্ষৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত ১৭টা পেকেট উদ্ধাৰ কৰা হয়।
উদ্ধাৰ হোৱা পেকেটসমূহত সন্দেহজনক আফিং থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পেকেটসহ জব্দ কৰা মাদকদ্ৰব্যৰ মুঠ ওজন প্ৰায় ১৫.৩৫০ কিলোগ্ৰাম।
ঘটনাটোৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে। মাদকখিনি ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ নিয়াৰ পৰিকল্পনা আছিল, সেই বিষয়েও অনুসন্ধান চলাই আছে তদন্তকাৰী সংস্থাসমূহে।
