কাইলৈ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ ১৯ সংখ্যক ছিজন। এই ছিজনৰ প্ৰথমখন মেচ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত হ’ব। এইবাৰ আই পি এলৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত নহয়। এই কথা নিশ্চিত কৰিছে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই। শইকীয়াই টাইমছ অৱ ইণ্ডিয়াক কয়-যোৱা বছৰৰ ৪ জুনত সংঘটিত হোৱা কৰুণ ঘটনাৰ বাবে প্ৰথম দিনাই কোনো আনুষ্ঠানিক অনুষ্ঠান অৰ্থাৎ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত নহ’ব।
বিচিচিআইয়ে কোনো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নকৰে। তেওঁ আৰু কয় যে আই পি এলৰ ফাইনেলৰ দিনটোত ব’ৰ্ডে এক বৃহৎ সামৰণি অনুষ্ঠানৰ পৰিকল্পনা কৰিছে। ফাইনেলখন ৩১ মে’ত অনুষ্ঠিত হ’ব। ২০২৫ ৰ ৪ জুনত প্ৰথমবাৰৰ বাবে আই পি এলৰ ট্ৰফী লাভ কৰে আৰ চি বিয়ে। ইয়াৰ পিছতে বেংগালুৰুত বিজয়ৰ পেৰেড অনুষ্ঠিত হয়, য’ত ষ্টেডিয়ামৰ বাহিৰত হুলস্থুলীয়া পৰিৱেশত ১১ জন অনুৰাগীৰ মৃত্যু হয়। ইয়াৰ বাবে বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত এখন স্মৃতি ফলক স্থাপন কৰি চিৰদিনৰ বাবে ১১খন আসন খালী কৰি ৰখাৰ সিদ্ধান্ত লৈছে আৰচিবি আৰু কেএছচিএই।
সেই ১১ জন অনুৰাগীৰ স্মৃতিত আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়তো এই আসন বিক্ৰী কৰা নহ’ব। ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰৰ ওচৰতে স্মৃতি ফলকখন স্থাপন কৰা হ’ব যাতে এই স্থান চিৰদিনৰ বাবে শ্ৰদ্ধাঞ্জলিৰ প্ৰতীক হৈ থাকে। আই পি এল খেলৰ পূৰ্বে ভুক্তভোগীৰ নাম প্ৰদৰ্শিত হ’ব আৰু এক মিনিটৰ মৌন প্ৰাৰ্থনা কৰা হ’ব। উল্লেখ্য যে ইতিমধ্যে ৭টা দলে খিতাপ দখল কৰাৰ বিপৰীতে দিল্লী, পঞ্জাৱ, আৰু লক্ষ্ণৌই প্ৰথম খিতাপৰ বাবে অপেক্ষা কৰি আছে।
