অহা ১২ মে’ত অনুষ্ঠিত হ’ব অসমৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। বুধবাৰে নিশা এই কথা সদৰি কৰে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰিবলগীয়া এই ভব্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যৰ কেইবাজনো মুখ্যমন্ত্ৰী এই সমাৰোহত উপস্থিত থাকিব বুলি মুখ্য সচিবগৰাকীয়ে জানিবলৈ দিয়ে।
শপত গ্ৰহণ সমাৰোহৰ নিৰাপত্তা আৰু পৰিচালনাৰ দিশটো সুনিশ্চিত কৰিবলৈ মুখ্য সচিবগৰাকীয়ে আজি আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন নিয়ন্ত্ৰণ, ভি ভি আই পি প্ৰট’কল আৰু বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয় ৰক্ষাৰ দিশসমূহ এই বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। অনুষ্ঠানটো যাতে কোনো ত্ৰুটি নোহোৱাকৈ গাম্ভীৰ্যপূৰ্ণভাৱে সম্পন্ন হয়, তাৰ বাবে প্ৰতিটো বিভাগক উচ্চ পৰ্যায়ৰ প্ৰস্তুতি অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে মুখ্য সচিবগৰাকীয়ে।
ইফালে চৰকাৰ গঠনৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ অহা ১০ মে’ত বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু নায়েব সিং ছৈনীক কেন্দ্ৰীয় পৰ্যৱেক্ষক হিচাপে নিযুক্তি দিয়াৰ পাছত এতিয়া খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ কাৰ্য চলিছে।
উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত ১০২ খন আসন লাভ কৰি এন ডি এই ৰাজ্যত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। একে সময়তে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা।
