মেণ্টৰকাৰ্ট আৰু আইআইটি গুৱাহাটীৰ সৈতে এনএছডিচিৰ অংশীদাৰিত্ব

321

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় (এমএছডিই)ৰ অধীনত নেটনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে(এনএছডিচি) মেণ্টৰকাৰ্ট আৰু আইআইটি গুৱাহাটীৰ সৈতে ডাটা চায়েন্স(তথ্য বিজ্ঞান), কৃত্ৰিম বুদ্ধিমত্তা(আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ) আৰু যন্ত্ৰ শিক্ষণ(মেচিন লাৰ্নিং)ত স্নাতকোত্তৰ চাৰ্টিফিকেট পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে যাতে আজিৰ প্ৰজন্মক নিয়োগযোগ্য আৰু উদ্যোগৰ বাবে সাজু কৰি তুলিব পৰা যায়।

এই পদক্ষেপৰ প্ৰধান উদ্দেশ্য হৈছে উন্নত দক্ষতাৰে ক্ৰেডিট ভিত্তিক প্ৰমাণীকৰণ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা, যাৰ ফলত প্ৰযুক্তি খণ্ডত ইণ্টাৰ্নশ্বিপ আৰু নিয়োগৰ বাবে মসৃণ প্ৰৱেশ আৰু যোগ্যতা আহৰণ সহজ হৈ পৰে। এনএছডিচিৰ চিইঅ’ আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদমণি তিৱাৰী আৰু মেণ্টৰকাৰ্ট- কেৰিয়াৰ আৰু জবটেক প্লেটফৰ্মৰ চিইঅ’ আশিস খাৰেৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই অংশীদাৰিত্বৰ বিষয়ে নিজৰ মনোভৱ ব্যক্ত কৰি এনএছডিচিৰ চিইঅ’ আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদমণি তিৱাৰীয়ে কয় যে, “ডাটা চাইন্স, আৰ্টিফিচিয়েল ইনটেলিজেন্স আৰু মেচিন লাৰ্নিঙৰ ক্ষেত্ৰখনত ভাৰতৰ প্ৰথম ফলাফল-চালিত মাইক্ৰ’ক্ৰেডিট পাঠ্যক্ৰম ৰূপায়ণে উচ্চাকাংক্ষী প্ৰযুক্তি অনুৰাগীসকলক এক পৰিৱৰ্তনশীল কামৰ বাবে অনুপ্ৰাণিত কৰিবলৈ অধিক আগ্ৰহী কৰি তুলিব আৰু অতুলনীয় কেৰিয়াৰ উৎকৰ্ষতাৰ দিশত যাত্ৰা আৰম্ভ কৰিব।”

উদ্যোগ জগতৰ বিভিন্ন বিশেষজ্ঞসকলৰ সহযোগত এই কাৰ্যসূচীয়ে পাঠ্যক্ৰমৰ প্ৰাসংগিকতা আৰু বাস্তৱ-জগতৰ বিভিন্ন প্ৰকল্পত সুযোগ প্ৰদান কৰে। এই পদক্ষেপে মাইক্ৰ’-ক্ৰেডেন্সিয়েলৰ সৈতে সহজ শিক্ষণ বিকল্প প্ৰদান কৰে, এনচিভিইটি আৰু এনএছকিউএফ নিৰ্দেশনাৰ সৈতে সগতি থকা আৰু এসপ্তাহৰ ব্যৱহাৰিক শিক্ষণ অভিজ্ঞতাৰ বাবে কেম্পাছ নিমজ্জন বিকল্প(ইম্মাৰ্চন অপচন) প্ৰদান কৰে।