এনএছডিচিয়ে জাপানত অনুষ্ঠিত কৰে বিজনেছ মেচমেকিং ছেমিনাৰৰ

614

বিশ্বব্যাপী প্ৰতিভা গতিশীলতাক প্ৰসাৰিত কৰাৰ লগতে বিশ্বৰ চাকৰিৰ বজাৰত ভাৰতীয় প্ৰাৰ্থীৰ সম্ভাৱনা প্ৰদৰ্শনৰ বাবে জাপানত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমে দুখন সফল বিজনেছ মেচমেকিং আলোচনা চক্ৰৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতক গ্লবেল স্কিল হাব(দক্ষতা কেন্দ্ৰ) হিচাপে স্থান দিয়াৰ লক্ষ্যৰে জাপান আন্তঃৰাষ্ট্ৰীয় ট্ৰেইনিং এণ্ড স্কিল ৱৰ্কাৰ ক-অপাৰোচন অৰ্গেনাইজেচন বা প্ৰশিক্ষাৰ্থী আৰু দক্ষ শ্ৰমিক সহযোগিতা সংস্থা (জিটকো)ৰ সহযোগত ওছাকা আৰু টকিঅ’ত অনুষ্ঠিত এই আলোচনা চক্ৰৰ আয়োজন কৰা হয়।

জাপানৰ ওছাকাত এই অনুষ্ঠানত ৪০টা জাপান আৰু ভাৰতীয় প্ৰতিষ্ঠানৰ ৪৫ জনতকৈ অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ভাৰতৰ কনছুলেট জেনেৰেল ওছাকা কোবেৰ কনছুল হেড অৱ চান্সেলৰী অনিল কুমাৰ ৰাতুৰী আৰু জিটকোৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ ডেপুটি জেনেৰেল মেনেজাৰ মাছাটো কুমেও আছিল, ইয়াৰ লগতে চিইঅ’ অফিচ এণ্ড ষ্ট্ৰেটেজিৰ জেনেৰেল মেনেজাৰ নীতিন কাপুৰ আৰু এনএছডিচিৰ উপ-সাধাৰণ প্ৰবন্ধক অংশুল সিংঘাল আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ উপ-সঞ্চালক শ্ৰুতি পাণ্ডে আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অ’আইএ ডিভিজনৰ উপ-সচিব ভূপেন্দ্ৰ সিঙে ওছাকাত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ হৈ সীতা শৰ্মাই টকিঅ’ত অনুষ্ঠিত আলোচনা চক্ৰত অংশগ্ৰহণ কৰে।

ইয়াৰ সমান্তৰালভাৱে এই অনুষ্ঠানত ৪০টা প্ৰতিষ্ঠান আৰু ১৭টা ভাৰতীয় প্ৰেৰণকাৰী সংস্থাৰ ৫০জনতকৈ অধিক অংশগ্ৰহণকাৰীয়ে আকৰ্ষণীয় অংশগ্ৰহণ কৰে। এই পদক্ষেপৰ উচ্চ প্ৰশংসা কৰি এনএছডিচিৰ চিইঅ’ আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদমণি তিৱাৰীয়ে কয় যে, “আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে, বিশ্বজুৰি দক্ষ কৰ্মশক্তিৰ প্ৰয়োজনীয়তাত ভাৰতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ সম্ভাৱনা আছে।”দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় (এমএছডিই), বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়(এমইএ আৰু ভাৰতস্থিত জাপানৰ দূতাবাস)ৰ দৰে চৰকাৰী সংস্থাসমূহৰ দ্বাৰা সমৰ্থিত এই আলোচনা চক্ৰবোৰত চৰকাৰৰ পৰা চৰকাৰৰ দুটা বিশেষ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল: টেকনিকেল ইণ্টাৰ্ন ট্ৰেইনিং প্ৰগ্ৰাম (টিআইটিপি) আৰু স্পেচিফাইড স্কিলড ৱৰ্কাৰ প্ৰগ্ৰাম। দক্ষতাৰ ব্যৱধান হ্ৰাস কৰা আৰু সংস্থাসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাই মূল লক্ষ্য আছিল এই আলোচনা চক্ৰত।