অসমৰ ডিটেনচন চেণ্টাৰত বঙালী হিন্দুসকলক আৱদ্ধ কৰি ৰখাৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে এক বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ কোনো এটা শিবিৰতে এজনো বঙালী হিন্দু লোক নাই বুলি দাবী কৰি তেওঁ বিৰোধীৰ সকলো অভিযোগ নস্যাৎ কৰে। বিশেষকৈ তৃণমূল কংগ্ৰেছৰ দৰে দলসমূহে উত্থাপন কৰা এই বিষয়টোক লৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ গৈ তেওঁ ৰাজহুৱা প্ৰত্যাহ্বান জনায়।
মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, “অসমৰ ডিটেনচন কেম্পত এজনো বঙালী হিন্দু নাই। যদি এজনো তেনে ব্যক্তি ওলায়, তেন্তে মই আজিৰ দিনটোতে পদত্যাগ কৰিবলৈ সাজু আছোঁ। উচ্চতম ন্যায়ালয়ে ১৯৫০ চনৰ আইনখনৰ অধীনত অসম চৰকাৰক যথেষ্ট ক্ষমতা প্ৰদান কৰিছে। যদি এজন উপায়ুক্তই কোনো ব্যক্তিক অবৈধ অনুপ্ৰৱেশকাৰী বুলি নিশ্চিত কৰে, তেন্তে ৪৮ ঘণ্টাৰ ভিতৰত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰি।”
আনহাতে, অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ বাবে থকা ১৯৫০ চনৰ আইনখন কেৱল অসমতে নহয়, দেশৰ অন্যান্য ৰাজ্যলৈও সম্প্ৰসাৰিত কৰাৰ পোষকতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে এনে আইনী ব্যৱস্থাই অনুপ্ৰৱেশ সমস্যা সমাধানত অধিক সহায় কৰিব। ডিটেনচন চেণ্টাৰক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত অব্যাহত থকা তীব্ৰ বাকযুদ্ধৰ মাজতে মুখ্যমন্ত্ৰীৰ এই পদত্যাগৰ প্ৰত্যাহ্বানে এতিয়া বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।
