ফেডাৰেচন অৱ ইণ্ডাষ্ট্ৰী এণ্ড কমাৰ্চ অৱ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নে (এফআইএনইআৰ) মেঘালয়ৰ শ্বিলঙত 15-16 জুন, 2026 তাৰিখে অনুষ্ঠিত হ’বলগীয়া আগন্তুক উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী 2026 (এনইআইআইএনআৰএ 2026) ৰ কথা ঘোষণা কৰে। এই সন্মিলনৰ হোষ্ট মেঘালয় চৰকাৰ, আয়োজক এফআইএনইআৰ আৰু সহ-আয়োজক হৈছে বিল্ড ইণ্ডিয়া ফাউণ্ডেশ্যন। গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি, এফআইএনইআৰৰ সভাপতি শ্ৰীযুত বজৰং লোহিয়াই কয়: “এনইআইআইএনএফআৰএ 2026 অঞ্চলটোৰ এক সৰ্ববৃহৎ আন্তঃগাঁথনি আৰু বিনিয়োগ প্লেটফৰ্ম হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে, যিয়ে নীতি নিৰ্মাতা, উদ্যোগৰ নেতা, বিনিয়োগকাৰী, আন্তঃগাঁথনি বিকাশকাৰী, বিত্তীয় প্ৰতিষ্ঠান আৰু প্ৰযুক্তি উদ্ভাৱকসকলক একত্ৰিত কৰি উত্তৰ পূব ভাৰতৰ ভৱিষ্যত গঢ় দিব। এই সন্মিলনৰ লক্ষ্য হৈছে বিনিয়োগক উন্নিত কৰা, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব শক্তিশালী কৰা, আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ বিকাশ ত্বৰান্বিত কৰা যিয়ে সমগ্ৰ উত্তৰ-পূব অঞ্চলত আঞ্চলিক সংযোগ, অৰ্থনৈতিক একত্ৰীকৰণ আৰু বহনক্ষম বিকাশ বৃদ্ধি কৰিব।‘’
অঞ্চলটোৰ মুখ্য আন্তঃগাঁথনি বিনিয়োগ আৰু নীতি মঞ্চ হিচাপে প্ৰতিষ্ঠিত, এনইআইআইএনএফআৰএয়ে 2026 -ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী। এই অনুষ্ঠানত সন্মিলনৰ মুখ্য আয়োজক ৰাজ্য মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে চাংমাইও অংশগ্ৰহণ কৰিব। এই দুদিনীয়া সন্মিলনত আঠগৰাকী কেন্দ্ৰীয় মন্ত্ৰালয়ৰ বিষয়া, মেঘালয়, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু জেষ্ঠ বিষয়াৰ লগতে উদ্যোগৰ নেতাসকল, বিনিয়োগকাৰী, আন্তঃগাঁথনি বিকাশকাৰী, বিত্তীয় প্ৰতিষ্ঠান আৰু প্ৰযুক্তি উদ্ভাৱকসকল উত্তৰ-পূব ভাৰতৰ আন্তঃগাঁথনি-আধাৰিত বিকাশৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ একত্ৰিত হ’ব।অনুষ্ঠানটোৰ পূৰ্বে বক্তব্য ৰাখি, এফআইএনইআৰৰ উপ-সভাপতি, এনইআইআইএনএফআৰএৰ আহ্বায়ক শ্ৰীযুত ৰাজীৱ আগৰৱালাই উল্লেখ কৰে যে এই সন্মিলনে উত্তৰ পূৱক ভাৰতৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক বিকাশৰ কাৰ্যসূচীৰ এক মুখ্য চালিকা শক্তি হিচাপে স্থান দিয়াৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰতিনিধিত্ব কৰিব।
“মাননীয় মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমাৰ উন্নয়নৰ প্ৰতি থকা প্ৰতিশ্ৰুতিয়ে মেঘালয় ৰাজ্যক আয়োজক হিচাপে পৰিগণিত কৰিছে। সকলো প্ৰধান বিষয়াৰ উপস্থিতিয়ে উদ্যোগটোক হাতে-কামে সমাধান প্ৰদান কৰিব। এমএছএমই, ষ্টাৰ্টআপ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে উদ্ভাৱনীমূলক পুঁজিয়ে পথ আৰু ঘাইপথ, পৰ্যটন আন্তঃগাঁথনি, ঔদ্যোগিক আন্তঃগাঁথনি, ডিজিটেল আন্তঃগাঁথনি, বিমান আৰু বিমানবন্দৰ, বন্দৰ আৰু জলপথ খণ্ডত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সন্মিলনে পৰিৱৰ্তনশীল বিনিয়োগ আৰু কৌশলগত সহযোগিতাৰ বাবে এক উদ্দীপক হিচাপে কাম কৰিব যি অঞ্চলটোৰ অপৰিসীম সম্ভাৱনীয়তা উন্মোচন কৰিব। এক ফলাফল-মুখী প্লেটফৰ্ম হিচাপে ডিজাইন কৰা, এনইআইআইএনএফআৰএ 2026 য়ে কাৰ্যক্ষম অংশীদাৰীত্ব, নীতি বাৰ্তালাপ, বিনিয়োগৰ প্ৰতিশ্ৰুতি, আৰু সহযোগিতামূলক পৰিকাঠামোক উৎসাহিত কৰিব বিচাৰে যি সমগ্ৰ উত্তৰ পূৱত বিকাশ আৰু বৃদ্ধিৰ পৰৱৰ্তী পৰ্যায়ক সমৰ্থন কৰে।‘’
সন্মিলনৰ কাৰ্যসূচীত থাকিব বিশিষ্ট ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতাসকলৰ নেতৃত্বত এক উদ্বোধনী ছেচন, আঞ্চলিক সংযোগ আৰু আন্তঃগাঁথনি কৌশলৰ ওপৰত পূৰ্ণাংগ আলোচনা, খণ্ড-কেন্দ্ৰিক ছেচন, চিইঅ’ৰ ঘূৰণীয়া মেজমেল, আৰু উত্তৰ পূৱ অঞ্চলৰ সকলো ৰাজ্যত সুযোগ প্ৰদৰ্শন কৰা এক সমৰ্পিত উত্তৰ পূৱ অঞ্চল বিনিয়োগ ছেচন। অনুষ্ঠানটোৰ এক মুখ্য আকৰ্ষণ হ’ব ছয়টা কৌশলগত খণ্ডত উদ্ভাৱন, প্ৰকল্প, প্ৰযুক্তি আৰু বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰা এক বিস্তৃত প্ৰদৰ্শনী:
পথ আৰু ঘাইপথ
পৰ্যটনৰ আন্তঃগাঁথনি
ঔদ্যোগিক আন্তঃগাঁথনি
ডিজিটেল আন্তঃগাঁথনি
বিমান আৰু বিমানবন্দৰ
বন্দৰ আৰু জলপথ
