ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘গ্ৰেণ্ড কলাৰ অৱ দ্য নেচনেল অৰ্ডাৰ অৱ দ্য চাউদাৰ্ণ ক্ৰছ’ ৰে সন্মানিত কৰা হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাই প্ৰধানমন্ত্ৰী মোডীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ব্ৰাজিলৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।উল্লেখ্য যে, ২০১৪ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰী মোডীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত বিদেশী চৰকাৰে প্ৰধানমন্ত্ৰী মোডীক দিয়া এয়া ২৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান। ৩ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পশ্চিম আফ্ৰিকাৰ দেশ ঘানাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰা হৈছিল।
