জাপান মবিলিটী শ্ব’ত নিচানে উন্মোচন কৰিলে নিচান হাইপাৰ ফৰ্চ কনচেপ্ট

895

জাপান মবিলিটী শ্ব’ত নিচান মটৰ কোম্পানী লিমিটেডে ৫খন “হাইপাৰ” কনচেপ্ট বাহনৰ উদ্ভাৱনীমূলক ছিৰিজৰ চূড়ান্ত ৰূপ নিছান হাইপাৰ ফৰ্চ উন্মোচন কৰিছে। ৩ অক্টোবৰৰ পৰা জাপান মবিলিটী শ্ব’ৰ আগৰে পৰা প্ৰতি সপ্তাহত এটা ইভি কনচেপ্ট প্ৰকাশ কৰি নিচানে ভৱিষ্যতৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা আৰু জীৱনশৈলীৰ বিস্তৃত পৰিসৰ কল্পনা কৰাৰ সক্ষমতা প্ৰদৰ্শন কৰিছিল আৰু মানুহৰ জীৱনক উদ্ভাৱন আৰু উত্তেজনাৰ দ্বাৰা সমৃদ্ধ কৰাৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছিল।

এই বাহনখনে বৈদ্যুতিক গতিশীলতা, বাহনৰ বুদ্ধিমত্তা আৰু সংযোগ প্ৰদৰ্শন কৰে, যাৰ লক্ষ্য হৈছে জীৱনটো সহজ, অধিক সংযোজিত আৰু অধিক ৰোমাঞ্চকৰ কৰি তোলা। নিচানে অধিক বহনক্ষম সমাজৰ বাবে এক ইভি পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰাৰ বাবে নিজৰ ব্যাপক দৃষ্টিভংগী প্ৰদৰ্শন কৰিছে। নিচান হাইপাৰ ফৰ্চে চ’নী ইন্টাৰেক্টিভ এণ্টাৰটেইনমেণ্টৰ সহযোগী প্ৰতিষ্ঠান পলিফ’নি ডিজিটেল ইনকৰ্পৰেশ্যন আৰু গ্ৰেন টুৰিজমো ভিডিঅ’ গেম নিৰ্মাতাসকলৰ সৈতে সহযোগিতা কৰিছে। নিচানৰ ইউটিউব চেনেলত লাইভষ্ট্ৰীম কৰা এটা মিউজিক ভিডিঅ’ত ৬জন জাপান আৰু বিদেশৰ শিল্পী আছে, যিয়ে সংগীত আৰু কনচেপ্ট কাৰৰ মিশ্ৰণক প্ৰতিনিধিত্ব কৰিছে।

নিচানে গ্ৰাহকসকলক বিভিন্ন ধৰণৰ  টাচ পইণ্ট প্ৰদান কৰাৰ বাবে নতুন পদক্ষেপ ৰূপায়ণ কৰিছে, যেনে ফৰ্টনাইট(পষেক)ত “ইলেক্ট্ৰিফাই দ্য ৱৰ্ল্ড” নামৰ এক অনলাইন গেম। এই অনুষ্ঠানটো ২৮ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ আগবঢ়োৱা হ’ব৷ এই বিষয়ে নিচানৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া মাকোটো উচিদাই কয় যে: “উদ্ভাৱনৰ শক্তিৰ জৰিয়তে নিচানে এনে এক ভৱিষ্যত সৃষ্টি কৰিছে, য’ত সকলোৱে গতিশীলতাৰ উত্তেজনা উপভোগ কৰিব পাৰিব।”