নতুন দিল্লীত নেটৱৰ্ক সম্প্ৰসাৰণ নিছান মটৰ ইণ্ডিয়াৰ, ২৭০লৈ বৃদ্ধি কৰিলে টাচ্চপইণ্টৰ সংখ্যা

348

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এনএমআইপিএল) ভাৰতত নিজৰ নেটৱৰ্ক ২৭০ টাচ্চপইণ্টলৈ সম্প্ৰসাৰণ আৰু নতুন দিল্লীত একেলগে ৪টা নতুন গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, য’ত আছে এটা নতুন শ্ব’ৰুম, দুটা ডিছপ্লে চেণ্টাৰ আৰু এটা বডী শ্বপৰ সৈতে এটা চাৰ্ভিছ চেণ্টাৰ। নতুন দিল্লীৰ মতি নগৰত অৱস্থিত জুবিলেণ্ট নিছান শ্ব’ৰুমৰ মুঠ মাটিকালি হৈছে প্ৰায় ৫৫০০ বৰ্গফুট। আনহাতে প্ৰশান্ত বিহাৰ আৰু দ্বাৰকাৰ ডিছপ্লে চেণ্টাৰ দুটাৰ আকাৰ হৈছে ক্ৰমে ২৮০০ বৰ্গফুট আৰু ২০০০ বৰ্গফুটতকৈ অধিক এলেকাত বিস্তৃত।

ৰামা ৰোডস্থিত চাৰ্ভিছ চেণ্টাৰ আৰু বডী শ্বপটো ইটোৱে সিটোৰ প্ৰায় সমীপতে অৱস্থিত আৰু দুয়োটাৰে আকাৰ ক্ৰমে প্ৰায় ৭২৫০ বৰ্গফুট আৰু ৭৯৫০ বৰ্গফুট।নিছান ইণ্ডিয়া অপাৰেচনৰ অধ্যক্ষ ফ্ৰেংক টৰেছ আৰু নিছান মটৰ ইণ্ডিয়াৰ এমডি সৌৰভ বত্সই আজি মুকলি কৰিলে নতুন জুবিলেণ্ট নিছান শ্ব’ৰুম।  নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)ৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই এই বিষয়ে কয় যে, “আমি গ্ৰাহকৰ বাবে নতুন নতুন টাচ্চপইণ্ট মুকলি কৰি আমাৰ সেৱা-পদচিহ্ন সম্প্ৰসাৰণ কৰি গ্ৰাহকসকলৰ সেৱা-অভিজ্ঞতা বৃদ্ধিৰ বাবে আমাৰ প্ৰতিশ্ৰুতি অধিক সুদৃঢ় হৈছে। এই প্ৰতিটো মাইলৰ খুঁটিয়ে অতুলনীয় সেৱা প্ৰদানৰ বাবে আমাৰ অব্যাহত থকা প্ৰচেষ্টাৰ কথাকে কয়।” তেওঁ গ্ৰাহক আৰু মূল অংশীদাৰসকলক আমাৰ নতুন সুবিধা-সেৱা কেন্দ্ৰসমূহলৈ স্বাগতম জনাই এক দীঘলীয়া আৰু ফলপ্ৰসূ সম্পৰ্কৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

নিছান মটৰ ইণ্ডিয়াই ‘ফিজিটেল’ বিতৰণ পদ্ধতিৰে কাম কৰি আহিছে, গ্ৰাহকসকলক নিজৰ সকলো প্ৰয়োজনীয় সেৱাৰ বাবে এক বাধাহীন, ৱান ষ্টপ সমাধান প্ৰদান কৰে। ইয়াৰ জৰিয়তে গ্ৰাহকৰ পছন্দৰ শ্ব’ৰুমত প্ৰৱেশ কৰিয়েই একত্ৰিত অফলাইন-অনলাইন পেমেণ্ট বিকল্পৰ জৰিয়তে এক নিৰৱচ্ছিন্ন, সুবিধাজনক অভিজ্ঞতা নিশ্চিত কৰা হয়।