নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড-এ ‘সম্পূৰ্ণ নতুন নিছান গ্ৰেভাইট’ৰ বাবে চৰকাৰ অনুমোদিত চিএনজি ৰেট্ৰ’ফিটমেণ্ট কিট মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াত আছে এই ছেগমেণ্টত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হোৱা অভিনৱ ‘স্মাৰ্ট টুইন-চিলিণ্ডাৰ’ প্ৰযুক্তি, যাৰ ফলত গাড়ীখনৰ ৭খন আসনৰ আসনৰ ব্যৱস্থা আৰু উপযোগিতা সম্পূৰ্ণৰূপে অক্ষুণ্ণ থাকে। দেশৰ ১৬ খন ৰাজ্যত ৮২,৯৯৯ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ এই গ্ৰেভাইট চিএনজি গ্ৰাহকসকলক এক অধিক স্মাৰ্ট, মিতব্যয়ী আৰু পৰিৱেশ অনুকূল যাতায়তৰ বিকল্প দিবলৈ প্ৰস্তুত কৰা হৈছে। এই কিটটো লগালে গাড়ীখনৰ তৃতীয় শাৰীৰ আসনত যথেষ্ট ঠাই ৰৈ যায়, যাৰ ফলত আৰাম আৰু দৈনন্দিন ব্যৱহাৰিকতাত কোনো ব্যাঘাত নজন্মে। এক ব্যৱহাৰিক তথা ভৱিষ্যতমুখী সমাধান হিচাপে গ্ৰেভাইট চিএনজি-এ “স্মাৰ্ট পাৱাৰৰ সৈতে স্মাৰ্ট সঞ্চয়”ৰ সংমিশ্ৰণ ঘটায় আৰু প্ৰতি কিলোমিটাৰত চলন খৰচ যথেষ্ট হ্ৰাস কৰে।
চৰকাৰ অনুমোদিত এই চিএনজি কিট ‘মট’জেন’ কোম্পানীয়ে সম্পূৰ্ণৰূপে বিকশিত, নিৰ্মাণ আৰু গুণগত মান নিশ্চিত কৰিছে। গ্ৰাহকসকলে নিছানৰ অনুমোদিত ডিলাৰৰ জৰিয়তে এই কিটটো সংস্থাপনৰ অৰ্ডাৰ দিব পাৰিব। ইয়াৰ লগতে তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীৰ জৰিয়তে কিটত ৩ বছৰ বা ১,০০,০০০ কিলোমিটাৰ পৰ্যন্ত ৱাৰেণ্টি আগবঢ়োৱা হৈছে। নিছান আৰু ইনফিনিটিৰ (মধ্য প্ৰাচ্য, কে এছ এ, চি আই এছ আৰু ভাৰত) ডিভিজনেল ভাইচ প্ৰেচিডেণ্ট তথা প্ৰেচিডেণ্ট থিয়েৰী চাব্বাঘে কয়, “গ্ৰেভাইট চিএনজিৰ জৰিয়তে আমি এনে গ্ৰাহকসকলৰ বাবে এক প্ৰমাণিত আৰু ব্যৱহাৰিক সমাধান আগবঢ়াইছো যিসকলে পৰিয়ালৰ বাবে পৰ্যাপ্ত ঠাই, দৈনন্দিন যাতায়ত আৰু কম চলন খৰচ বিচাৰে।” নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই এই বিষয়ে কয় যে, “মেগনাইট চিএনজিলৈ গ্ৰাহকৰ সঁহাৰিৰ পাছত আমি সম্পূৰ্ণ নতুন নিছান গ্ৰেভাইটৰ বাবে এই ছেগমেণ্টৰ প্ৰথমটো টুইন-চিলিণ্ডাৰ কিট মুকলি কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ।”
ইয়াৰ মুখ্য কাৰিকৰী দিশসমূহৰ ভিতৰত আছে ছিকুৱেনচিয়েল বিএছ৬.২ মানদণ্ডৰ চিএনজি কিট, সুৰক্ষাৰ বাবে আইচিএটি অনুমোদিত ব্যৱস্থা, স্থায়িত্বৰ বাবে ৮.১ মিমি ডাঠ চিলিণ্ডাৰ আৰু গ্ৰেভাইটৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা ডাইনেমিক এডভান্সাৰ প্ৰযুক্তি। লগতে ইয়াত ইন্ধন ভৰাবলৈ ফুৱেল লিডৰ তলতে পইণ্ট দিয়া হৈছে আৰু পেট্ৰ’লৰ পৰা চিএনজিলৈ সলনি কৰাৰ সহজ সুবিধা আছে। নিছানৰ অনুমোদিত ডিলাৰ নেটৱৰ্কৰ জৰিয়তে এতিয়া ১৬খন ৰাজ্যত এই কিট উপলব্ধ হ’ব। অধিক তথ্যৰ বাবে গ্ৰাহকসকলে www.nissan.in দৰ্শন কৰিব পাৰিব।
