নিছানৰ মেগনাইট এছইউভি ক্ৰয় কৰিলে প্ৰতিৰক্ষা আৰু আৰক্ষী বাহিনীত কৰ্মৰত সকলে পাব ‘ফ্ৰিডম অফাৰ’

158

দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান নিছান মটৰ ইণ্ডিয়াই (এনএমআইপিএল) নিজৰ জনপ্ৰিয় মেগনাইট এছইউভি বাহনত বিশেষ ‘ফ্ৰিডম অফাৰ’ মুকলি কৰিছে, যি কেৱল প্ৰতিৰক্ষা, কেন্দ্ৰীয় অৰ্ধসামৰিক, আৰু ৰাজ্যিক আৰক্ষীৰ কৰ্মীসকলেহে লাভ কৰিব এই সুবিধা। এই বিশেষ বোনাঞ্জাই চিএছডি এএফডি পৰ্টেলৰ জৰিয়তে যথেষ্ট কম মূল্যত আগবাঢ়িছে প্ৰদান বাহন আৰু ২০২৪ চনৰ ৩১ আগষ্টলৈকে বুকিঙৰ বাবে এই অফাৰ বৈধ হ’ব।

এই অফাৰৰ অধীনত সশস্ত্ৰ বাহিনীৰ লোকসকলে চিএছডি ৰাউতৰ জৰিয়তে মেগনাইটৰ সুবিধা ল’ব পাৰিব  আৰু কৰ ৰেহাইৰ সুবিধাও লাভ কৰিব পাৰে। কেন্দ্ৰীয় অৰ্ধসামৰিক আৰু ৰাজ্যিক আৰক্ষী বাহিনীত কৰ্মৰত সকলে সমগ্ৰ ভাৰতৰ অনুমোদিত নিছান ডিলাৰশ্বিপত বিশেষ মূল্যত অফাৰৰ সুবিধা লাভ কৰিব পাৰিব। ‘ফ্ৰিডম অফাৰে’ মেগনাইটৰ ২০২০ৰ প্ৰাৰম্ভিক দামসমূহ পুনৰ সজীৱ কৰি তুলিছে, লগতে ভাৰতৰ নিৰাপত্তা সেৱাত কৰ্মৰতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই জনোৱা অনুসৰি, এই অফাৰৰ জৰিয়তে দেশৰ প্ৰকৃত নায়কসকললৈ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। তেওঁ লগতে কয় যে, “আমি আমাৰ প্ৰতিৰক্ষা আৰু অৰ্ধসামৰিক জোৱানসকলৰ ত্যাগক গভীৰভাৱে সন্মান জনাইছোঁ। এইসকল সেনানীৰ অটল নিষ্ঠাৰ প্ৰতি সন্মান আৰু প্ৰশংসা প্ৰকাশ কৰাৰ আমাৰ এয়াই উপযুক্ত সময়।”