কাঁটাতাঁৰ পাৰ হৈ বাংলাদেশৰ পৰা ভাৰতলৈ অব্যাহত আছে অবৈধ অনুপ্ৰৱেশ। এই সময়তে বঙাইগাঁৱত সন্দেহযুক্ত বিদেশীৰ এটা দল আটক হোৱাৰ ঘটনাই পুনৰ সৃষ্টি কৰিলে তীব্ৰ চাঞ্চল্যৰ। জিলাখনৰ নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত অভিযান চলাই মঙলবাৰে বিয়লি ৰে’ল আৰক্ষীৰ (জিআৰপি) সহযোগত বঙাইগাঁও সীমান্ত আৰক্ষীয়ে ৯ জনকৈ সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰে।
প্ৰাথমিক তথ্য অনুসৰি, যোৱা ২৯ ছেপ্টেম্বৰৰ বিয়লি প্ৰায় ৫ বজাত এই ৯ জনীয়া দলটো নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত উপস্থিত হয়। তেওঁলোকৰ চাল-চলনত সন্দেহ ওপজাত ষ্টেচনত নিয়োজিত জিআৰপি আৰু সীমান্ত আৰক্ষীৰ এটা দলে আটাইকেইজনকে কৰায়ত্ত কৰে। তদন্তত প্ৰকাশ পাইছে যে দলটোৱে নিউ বঙাইগাঁৱৰ পৰা ৰে’লযোগে চেন্নাইলৈ যাত্ৰা কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছিল।
ধৃত লোককেইজনক লগে লগে নিজৰ জিম্মাত লয় আৰক্ষীয়ে। তেওঁলোকৰ প্ৰকৃত পৰিচয়, ঠিকনা আৰু ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ আঁৰৰ সকলো তথ্য পোহৰলৈ অনাৰ উদ্দেশ্যে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।
সীমান্ত অতিক্ৰম কৰি এনেদৰে দেশৰ বিভিন্ন প্ৰান্তলৈ সন্দেহযুক্ত বিদেশীৰ সঘন আহ-যাহক লৈ সীমান্ত নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় অনুপ্ৰৱেশ চক্ৰৰ তথ্য ফাদিল কৰাৰ স্বাৰ্থত বঙাইগাঁও আৰক্ষীয়ে এক বিস্তৃত আৰু গভীৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
