ভূমি দখলক কেন্দ্ৰ কৰি সংঘটিত ডাবল মাৰ্ডাৰ গোচৰত প্ৰায় পাঁচ বছৰৰ পিছত ৰায়দান কৰিলে উত্তৰ প্ৰদেশৰ এখন আদালতে। গোচৰটোৰ বিচাৰ সম্পূৰ্ণ কৰি পাঁচ সহোদৰ ভাতৃসহ ৯ জন অভিযুক্তক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতে।
গৌতমবুদ্ধ নগৰ জিলাৰ গিৰধৰপুৰ গাঁৱত ২০২১ চনৰ ৮ ফেব্ৰুৱাৰীত এই হত্যাকাণ্ড সংঘটিত হৈছিল। মাটি দখলৰ বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে অনুষ্ঠিত এখন পঞ্চায়ত বৈঠকৰ সময়ত দুয়োপক্ষৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়। তাৰ পিছতে দেৱেন্দ্ৰ আৰু তেওঁৰ সহযোগীসকলে নিৰ্বিচাৰে গুলীচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
এই গুলীচালনাত সুৰেশ ওৰফে চালেক, অমিত আৰু প্ৰেম গুৰুতৰভাৱে আহত হয়। তিনিওকে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎলায় পোৱাৰ পূৰ্বেই মৃত্যু ঘটে অমিতৰ। পিছত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে সুৰেশৰো।
ঘটনাৰ পিছতে সুনীলে বাদলপুৰ থানাত দেৱেন্দ্ৰ, ৰবীন্দ্ৰ, সতেন্দ্ৰ, ধৰ্মেন্দ্ৰ, জিতেন্দ্ৰ, ভোপাল, অমিত বংশলকে ধৰি কেইবাজনো লোকৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, সংঘাত আৰু অস্ত্ৰ আইনৰ বিভিন্ন ধাৰাত এজাহাৰ দাখিল কৰে। তদন্তৰ অন্তত আৰক্ষীয়ে শক্তিশালী প্ৰমাণ-সহ অভিযোগনামা আদালতত দাখিল কৰে।
বিচাৰ চলাকালীন সময়ত অভিযোগকাৰী পক্ষই প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য, চিকিৎসা-সংক্ৰান্ত নথি, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু অন্যান্য নথিপত্ৰ আদালতত দাখিল কৰে। এই সকলো প্ৰমাণৰ বিস্তৃত পৰ্যালোচনাৰ অন্তত ৯ জন অভিযুক্তক দোষী সাব্যস্ত কৰে আদালতে।
ইফালে, দণ্ড নিৰ্ধাৰণৰ সময়ত অভিযুক্তপক্ষই পৰিয়ালৰ দায়িত্ব, সৰু সন্তান থকা আৰু পূৰ্বতে কোনো অপৰাধমূলক ইতিহাস নথকাৰ যুক্তি দাঙি ধৰে। কিন্তু অপৰাধটোৰ গুৰুত্ব, সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ আৰু দুজন নিৰ্দোষ ব্যক্তিৰ হত্যাকাণ্ডৰ কথা বিবেচনা কৰি আদালতে সেই যুক্তি গ্ৰহণ নকৰি সকলো দোষীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।
উল্লেখ্য যে, এই গোচৰৰ অন্যতম সাক্ষী প্ৰেম সিঙৰো পিছলৈ হত্যা হৈছিল। তদন্তকাৰী সংস্থাই সেই ঘটনাকো এই গোচৰৰ সৈতে জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছিল।
ৰায়দানৰ পিছত চৰকাৰী পক্ষৰ অধিবক্তা ধৰ্মেন্দ্ৰ জয়ন্তে কয় যে, শক্তিশালী প্ৰমাণ আৰু তদন্তৰ ভিত্তিত আদালতে ন্যায়সংগত ৰায় প্ৰদান কৰিছে। আদালতৰ এই সিদ্ধান্তক আদৰণি জনাই সন্তোষ প্ৰকাশ কৰিছে নিহতসকলৰ পৰিয়ালৰ সদস্যসকলেও।
