নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান

224

নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৪ আৰু ১৫ জুন তাৰিখে দুই দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয়ৰ নৱাগত আদৰণি সভা আৰু অৱসৰ প্ৰাপ্ত শিক্ষক তথা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় ।

১৪ জুনত বিদ্যালয়ৰ নৱাগত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বাহাৰুল ইছলাম চৌধুৰীয়ে আঁত ধৰা আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদিকা তামান্না ইয়াছমিনে উদ্দেশ্যে ব্যাখ্যা কৰা অতি আড়ম্বৰপূৰ্ণ অনুষ্ঠানটিত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাই ।অনুষ্ঠানটোত বিদ্যালয়খনৰ তিনিশৰো অধিক নৱাগত ছাত্ৰ-ছাত্ৰীক বিপুল আদৰণি জনোৱা হয় ।

১৫ জুন তাৰিখে প্ৰথম সত্ৰত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্বৰিফ উদ্দিন লস্কৰে । উক্ত অনুষ্ঠানত বিদ্যালয়ৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক জামাল উদ্দিন আহমেদ আৰু নচিৰুল ইছলাম চৌধুৰীক যথাক্ৰমে সুদীৰ্ঘ ৩৩ বছৰ আৰু ২৩ বছৰ কাল বিদ্যালয় খনত নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতি তথা বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ যৌথ উদ্যোগত কৃতি শিক্ষক হিচাপে সম্বৰ্ধনা জনোৱা হয় ।

দুপৰীয়া ১২.০০ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত দ্বিতীয় সত্ৰত বিদ্যালয়খনৰ পৰা ২০২৪ বৰ্ষত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ বিদ্যালয়খনৰ ৮৮ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক বিপুল সম্বৰ্ধনা জনোৱা হয় ।

সভাত বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আলা উদ্দিন আহমেদৰ লগতে বিশিষ্ট সাংবাদিক কফিল উদ্দিন বৰভূঞা আৰু জিয়াবুৰ ৰহমান , শিক্ষক বদৰুজ্জামান ,আব্দুল নুৰ ,চিৰাজুল ইছলাম প্ৰমুখ্যে এহেজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক ।