দেশত দ্ৰুতগতিত উষ্ণতা বৃদ্ধি পোৱাৰ বাবে নাগৰিকসকলক সৰ্বাধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
দেশত দ্ৰুতগতিত উষ্ণতা বৃদ্ধি পোৱাৰ বাবে নাগৰিকসকলক সৰ্বাধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কয় যে এনে গৰম বতৰত শৰীৰত আৰ্দ্ৰতা ধৰি ৰখাটোৱেই মূল উপায় ।
সামাজিক মাধ্যম এক্সত এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে শিশু, বৃদ্ধ আৰু বাহিৰত কাম কৰাসকল বিশেষভাৱে অত্যন্ত গৰমৰ কবলত পৰে আৰু গৰমৰ সতৰ্কবাণীক কোনেও আওকাণ কৰা উচিত নহয় ৷ কাৰণ ই বিপজ্জনক হৈ পৰিব পাৰে আৰু আনকি হিটষ্ট্ৰ’কো হ’ব পাৰে ।তেওঁ কয়, ‘‘ভাৰতৰ বিভিন্ন প্ৰান্ত উষ্ণতা বৃদ্ধি আৰু ইয়াৰ লগতে অহা প্ৰত্যাহ্বানসমূহৰ সাক্ষী হৈছে । এই গৰম আমাৰ সকলোৰে ওপৰত এক সংকট আৰু মই আপোনালোক সকলোকে যিমান পাৰি সিমান সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছোঁ ।’’
