হৰমুজ প্ৰণালীত ভাৰতীয় নাৱিক থকা এখন তেল পৰিবাহী জাহাজত আক্ৰমণৰ ঘটনাই আন্তঃৰাষ্ট্ৰীয় মহলত উদ্বেগৰ সৃষ্টি কৰিছে। ২৭ গৰাকী ভাৰতীয় নাৱিক থকা পানামাৰ পতাকাবাহী তেল পৰিবাহী জাহাজ MT LOUISE 1-ত আক্ৰমণৰ ফলত জাহাজখনৰ ইঞ্জিন ৰূমত অগ্নিকাণ্ড সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, ৩০ অক্টোবৰত সংঘটিত এই ঘটনাত জাহাজখনত লিম্পেট মাইনৰ সহায়ত আক্ৰমণ চলোৱা হৈছিল বুলি সামুদ্ৰিক নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰিছে। বিস্ফোৰণৰ ফলত ইঞ্জিন ৰূমত জুই লাগে আৰু কিছু সময়ৰ বাবে জাহাজখনৰ চলাচল ব্যাহত হয়। অৱশ্যে জাহাজৰ কৰ্মচাৰীসকলে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনোৱা অনুসৰি, জাহাজখনত থকা ২৭ গৰাকী ভাৰতীয় নাৱিক সম্পূৰ্ণ নিৰাপদ। কোনো লোক আহত হোৱা নাই বুলি তেওঁ স্পষ্ট কৰে। চৰকাৰে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে, এই ঘটনাৰ পিছতে হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে।
আমেৰিকাৰ আটলাণ্টাত অনুষ্ঠিত দুদিনীয়া G20 বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ প্ৰথম পূৰ্ণাংগ অধিৱেশনত জয়শংকৰে বাণিজ্যিক জাহাজ আৰু নাৱিকসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়টো উত্থাপন কৰে। তেওঁ আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সামুদ্ৰিক যাতায়াতৰ স্বাধীনতা সুৰক্ষিত ৰখা আৰু সাধাৰণ বাণিজ্যিক জাহাজৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁৰ মতে, এনে আক্ৰমণৰ ফলত গ্ল’বেল ছাউথৰ দেশসমূহে অধিক প্ৰভাৱৰ সন্মুখীন হৈছে। ইয়াৰ ফলত ইন্ধন, খাদ্য আৰু সাৰৰ উপলব্ধতা তথা মূল্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে।
উল্লেখযোগ্য যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ বৃহস্পতিবাৰে আটলাণ্টাত উপস্থিত হৈছিল আৰু শুকুৰবাৰে G20 বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে।
হৰমুজ প্ৰণালীত ধাৰাবাহিকভাৱে সংঘটিত জাহাজ আক্ৰমণৰ ঘটনাই ভাৰতীয় নাৱিকসকলৰ নিৰাপত্তাৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।
ঘটনাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ভাৰত চৰকাৰে।
