ৰাজ্যৰ মন্ত্ৰীসকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা কোনো মন্ত্ৰীয়েই সংশ্লিষ্ট সমষ্টিৰ স্থানীয় বিধায়কক অৱগত নকৰাকৈ সেই সমষ্টিলৈ গৈ কোনো ৰাজহুৱা কাৰ্যসূচী বা অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব।
মুখ্যমন্ত্ৰীয়ে সকলো মন্ত্ৰীলৈ দিয়া নিৰ্দেশনা অনুসৰি, কোনো সমষ্টিলৈ যোৱাৰ পূৰ্বেই সংশ্লিষ্ট সমষ্টিৰ বিধায়কগৰাকীক অৱগত কৰিব লাগিব। এই নিয়ম বাধ্যতামূলক কৰা হৈছে।

ইয়াৰ উপৰি, মন্ত্ৰীসকলে বিভিন্ন সমষ্টিত অনুষ্ঠিত কৰা ৰাজহুৱা কাৰ্যসূচী আৰু অনুষ্ঠানসমূহলৈ সংশ্লিষ্ট বিধায়কসকলকো আমন্ত্ৰণ জনাব লাগিব। যাতে স্থানীয় বিধায়কসকলেও উক্ত কাৰ্যসূচীত যোগদান আৰু অংশগ্ৰহণ কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো মন্ত্ৰীকে এই নিৰ্দেশনা মানি চলিবলৈ স্পষ্ট কৰি দিছে।
এই নতুন নিৰ্দেশনাই ৰাজ্যৰ মন্ত্ৰী আৰু স্থানীয় বিধায়কসকলৰ মাজত সমন্বয় ৰক্ষাৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলায়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।
