অৱসৰপ্ৰাপ্ত এগৰাকী পৰিবহন বিষয়াৰ সম্পত্তিয়ে চকু কপালত তুলিছে আৰক্ষীৰ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দুৰ্নীতি নিবাৰক শাখাৰ (Vigilance Team) এক অভিযানত এজন অৱসৰপ্ৰাপ্ত পৰিবহণ বিষয়াৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে কেইবা কোটি টকাৰ সম্পত্তি।এই কাৰ্যবাহী অভিযানৰ অন্তত উদ্ধাৰ হোৱা সামগ্ৰিক সম্পত্তিৰ মূল্য প্ৰায় ৩৫ কোটি টকা বুলি ধাৰণা কৰা হৈছে।তদন্তকাৰী দলটোৱে জনোৱা অনুসৰি, ললিত কুমাৰৰ ঘৰৰ বিভিন্ন স্থানত পেকেটত লুকুৱাই থোৱা অৱস্থাত নগদ ১.৬২ কোটি টকা জব্দ কৰা হৈছে।
ইয়াৰ উপৰিও ঘৰটোৰ পৰা ১৩ কিলোগ্ৰাম সোণ আৰু ৯ কিলোগ্ৰাম ৰূপ (বিস্কুট, বাৰ আৰু অলংকাৰ হিচাপে) উদ্ধাৰ কৰা হৈছে, যাৰ আনুমানিক বজাৰ মূল্যই প্ৰায় ২০ কোটি টকা হ’ব।
