নতুন বছৰ কৃষকৰ বাবে হ’ব উৎসৰ্গিত: নৰেন্দ্ৰ মোদী

28

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে শস্য বীমা আঁচনিৰ বাবে আৱণ্টন বৃদ্ধি কৰাকে ধৰি কেন্দ্ৰীয় কেবিনেটে লোৱা আন কিছুমান সিদ্ধান্তৰ কথা উল্লেখ কৰি  কয় যে নতুন বছৰত চৰকাৰৰ প্ৰথম সিদ্ধান্ত কৃষকসকলৰ বাবে উৎসৰ্গিত।ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কেইবাটাও পোষ্টত তেওঁ লগতে কয় যে তেওঁৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ কৃষকসকলৰ কল্যাণক আগুৱাই নিয়াৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ মুঠ ৬৯,৫১৫.৭১ কোটি টকা ব্যয়ৰ সৈতে ২০২৫-২৬ বৰ্ষলৈকে প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা আৰু পুনৰ্গঠন কৰা বতৰ আধাৰিত শস্য বীমা আঁচনি অব্যাহত ৰখাত অনুমোদন জনাইছে।

এই সিদ্ধান্তৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়-নতুন বছৰৰ প্ৰথম সিদ্ধান্তটো আমাৰ দেশৰ কোটি কোটি কৃষক ভাতৃ -ভগ্নী বাবে উৎসৰ্গিত। আমি শস্য বীমাৰ বাবে আৱণ্টন বৃদ্ধিৰ অনুমোদন জনাইছো। ই কেৱল কৃষকসকলৰ শস্যক অধিক সুৰক্ষা প্ৰদান লগতে লোকচানৰ চিন্তাও হ্ৰাস কৰিব। তেওঁ লগতে কয় যে আমাৰ চৰকাৰ কৃষকসকলৰ কল্যাণক আগুৱাই নিয়াৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। আমি আমাৰ সকলো কৃষক ভগ্নী আৰু ভাতৃৰ বাবে গৌৰৱান্বিত, যিসকলে আমাৰ দেশক খাদ্য যোগান ধৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে।

২০২৫ চনৰ প্ৰথম সিদ্ধান্ত, কেবিনেট আমাৰ কৃষকসকলৰ সমৃদ্ধি বৃদ্ধিৰ বাবে সমৰ্পিত। মই সুখী যে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। কৃষকসকলক কম মূল্যত ডিএপি সাৰৰ যোগান নিশ্চিত কৰাৰ বাবে এককালীন বিশেষ পেকেজ ৩,৮৫০ কোটি টকালৈ বৃদ্ধি কৰাৰ কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত কৃষকসকলক সুলভ মূল্যত ডিএপিৰ উপলব্ধতা নিশ্চিত হ’ব। কেবিনেটৰ এই সিদ্ধান্তৰ সৈতে, কৃষকসকলে ১,৩৫০ টকাত ৫০ কিলোগ্ৰামৰ বেগ ডি-এমোনিয়াম ফছফেট (ডিএপি) লাভ কৰিবলৈ সক্ষম হ’ব।