শিক্ষাৰ্থী আৰু নতুন প্ৰজন্মৰ প্ৰতিবাদৰ পিছত শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ’ল ধৰ্মেন্দ্ৰ প্ৰধানে। ইয়াৰ পিছতে শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এক উচ্চস্তৰীয় সমিতি গঠন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইনফ’চিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নীলেকানীৰ নেতৃত্বত গঠন কৰা এই সমিতিয়ে দেশৰ পৰীক্ষা ব্যৱস্থাত প্ৰযুক্তিৰ অধিক ব্যৱহাৰ, স্বচ্ছতা বৃদ্ধি আৰু গাঁথনিগত সংস্কাৰৰ বাবে চৰকাৰক পৰামৰ্শ আগবঢ়াব।
ৰবিবাৰে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমিতি গঠনৰ কথা ঘোষণা কৰি কয় যে, শিক্ষাৰ্থীৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ধাৰাবাহিকভাৱে একাধিক পদক্ষেপ গ্ৰহণ কৰি আছে। পৰীক্ষা ব্যৱস্থাক অধিক নিৰ্ভৰযোগ্য, স্বচ্ছ আৰু প্ৰযুক্তিনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে এই উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “শিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা মনত ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছে। শিক্ষাৰ্থীৰ ভৱিষ্যৎ লৈ খেল খেলা লোকসকল এতিয়া কাৰাগাৰত আছে আৰু দ্ৰুত বিচাৰৰ বাবে ফাষ্ট-ট্ৰেক আদালতো গঠন কৰা হৈছে। সংসদতো কঠোৰ আইনী ব্যৱস্থাৰ দিশত আগবঢ়া হৈছে। নন্দন নীলেকানীৰ নেতৃত্বত গঠন কৰা সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত আগন্তুক পৰীক্ষাসমূহ অধিক নিৰ্ভৰযোগ্য কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে, সমিতিখনত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞক অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, চোৰাংচোৱা ব্যুৰোৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, প্ৰাক্তন শিক্ষা সচিব অনিতা কোৱাল আৰু অমৃত লাল মীনাও সমিতিৰ সদস্য হিচাপে দায়িত্ব পালন কৰিব।
চৰকাৰে দাবী কৰা মতে, এই সমিতিয়ে বিশেষকৈ পৰীক্ষা ব্যৱস্থাত প্ৰযুক্তিৰ সুৰক্ষিত ব্যৱহাৰ, প্ৰশ্নকাকত সুৰক্ষা, মূল্যায়ন ব্যৱস্থা আৰু পৰীক্ষা পৰিচালনাৰ গাঁথনিগত সংস্কাৰৰ বিষয়সমূহ পৰ্যালোচনা কৰি পৰামৰ্শ আগবঢ়াব।
উল্লেখ্য যে, নিট প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা ব্যৱস্থাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিবাদৰ মাজতে ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বত চলা আন্দোলনৰ ফলস্বৰূপে শনিবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰে। তাৰ পিছদিনাই কেন্দ্ৰীয় চৰকাৰে শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এই উচ্চস্তৰীয় সমিতি গঠনৰ কথা ঘোষণা কৰে।
