মহিলা সংৰক্ষণ নহয়, বৰঞ্চ সমষ্টি পুনৰ নিৰ্ধাৰণহে কেন্দ্ৰীয় চৰকাৰে এই সপ্তাহত আহ্বান কৰা সংসদৰ বিশেষ অধিৱেশনৰ প্ৰকৃত লক্ষ্য। সংবাদ পত্ৰ ‘দ্য হিন্দু’ত প্ৰকাশিত এক নিবন্ধত এইদৰে উল্লেখ কৰি চৰকাৰৰ এই পদক্ষেপক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে। তেওঁ উল্লেখ কৰা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই পৰিকল্পনা কেৱল ভয়ংকৰেই নহয়, ই পোনপটীয়াকৈ সংবিধানৰ ওপৰত এক সুপৰিকল্পিত আঘাত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সংৰক্ষণ বিধেয়কৰ সংশোধনীৰ বাবে সকলো দলৰ সমৰ্থন বিচাৰি পত্ৰ লিখাৰ পাছতেই ছোনিয়া গান্ধীৰ এই প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে। কংগ্ৰেছ নেত্ৰীগৰাকীৰ মতে নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক মুনাফা লাভৰ বাবেহে চৰকাৰে এনেদৰে জৰুৰী তৎপৰতা দেখুৱাইছে। তেওঁ কয়, “অসাধাৰণ তৎপৰতাৰ আঁৰত কেৱল এটাই কাৰণ থাকিব পাৰে আৰু সেয়া হ’ল বিৰোধীক প্ৰতিৰক্ষামূলক স্থিতিলৈ ঠেলি দি ৰাজনৈতিক সুবিধা আদায় কৰা।”
কেন্দ্ৰীয় চৰকাৰে মহিলা সংৰক্ষণক পৰৱৰ্তী লোকপিয়লৰ সৈতে জড়িত কৰা কাৰ্যকো ছোনিয়া গান্ধীয়ে সমালোচনা কৰে। তেওঁ কয়, “বিৰোধীয়ে এই চৰ্ত কেতিয়াও বিচৰা নাছিল; বৰঞ্চ ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰাই এই সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ জোৰদাৰ দাবী জনাইছিল।” প্ৰধানমন্ত্ৰীয়ে নিজৰ সুবিধা অনুযায়ী এতিয়া ২০২৯ চনৰ পৰা ইয়াক বলবৎ কৰাৰ বাবে যি স্থিতি সলনি কৰিছে, সেয়া এক ৰাজনৈতিক কৌশল বুলিও তেওঁ অভিহিত কৰে।
২০২১ চনত হ’বলগীয়া লোকপিয়ল পিছুৱাই থকাৰ বাবে প্ৰায় ১০ কোটি মানুহ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হোৱা বুলিও গান্ধীয়ে নিবন্ধটোত উল্লেখ কৰে। তেওঁৰ মতে ডিজিটেল লোকপিয়লৰ দোহাই দি ২০২৭ চনৰ পূৰ্বে কোনো তথ্য উপলব্ধ নহ’ব বুলি চৰকাৰে যি অজুহাত দিছে, সেয়া সম্পূৰ্ণ ফোঁপোলা। ইয়াৰ উপৰি জাতিভিত্তিক লোকপিয়লত পলম কৰাৰ বাবেহে চৰকাৰে বিভিন্ন অপপ্ৰচাৰ চলাই থকা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত পৰিয়াল পৰিকল্পনাৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা ৰাজ্যসমূহ আৰু সৰু ৰাজ্যবোৰ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তেওঁ কয়, “যিকোনো সমষ্টি পুনৰ নিৰ্ধাৰণ কেৱল গাণিতিক নহয়, ৰাজনৈতিকভাৱেও সমতাপূৰ্ণ হ’ব লাগিব।” ১৫ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বৰ্ষাকালীন অধিৱেশনৰ পৰিৱৰ্তে এতিয়াই এই বিধেয়কসমূহ গৃহীত কৰিবলৈ চৰকাৰে লোৱা গণতন্ত্ৰ বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ সৰৱ হৈ পৰে।
