পশ্চিম নলবাৰীৰ ঐতিহ্যমণ্ডিত লখোপুৰ মিলন হাইস্কুল চৌহদৰ পকী বেৰ নিৰ্মানৰ শুভাৰম্ভ

122

দিগন্ত বৰ্মন, নলবাৰী:- কোৰোনা আৰু বানপানীৰ দূৰ্যোগৰ মাজতে আজি পশ্চিম নলবাৰীৰ  অঞ্চলৰ ঐতিহ্যমণ্ডিত লখোপুৰৰ মিলন হাইস্কুলৰ চৌহদৰ পকী বেৰ নিৰ্মানৰ শুভাৰম্ভ কৰা হয় ৷ ধাৰাবাহিক বানত সবাতকৈ ক্ষতিগ্ৰস্ত পশ্চিম নলবাৰীৰ এই খন ২১ নং উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ অন্তৰ্গত বিদ্যালয় ৷ নলবাৰী আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী এইখন বিদ্যালয়ত দুয়োখন জিলাৰ ছাত্ৰ – ছাত্ৰী সকলে অধ্যয়ন কৰে ৷ 

বিদ্যালয় খনৰ আভ্যন্তৰীণ আন্ত: গাঠনিৰ দিশত সকলো যেন নিৰৱ ৷ বিদ্যালয় খনত নাই চৌহদৰ বেৰ , নাই এখন নাম সম্বলিত ফলক ৷ বছৰ বছৰ ধৰি উন্মুক্ত হৈ থকা বিদ্যালয় খনৰ চৌহদৰ পকী বেৰ নিৰ্মানৰ কামৰ বৃহস্পতি বাৰে শুভাৰম্ভ কৰে ২১ নং উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ সভাপতি বিকাশ বৰ্মনে ৷ অনুষ্ঠানত উপস্থিত থাকে লখোপুৰ কেন্দুবাৰী গাওঁ উন্নয়ন সমিতিৰ সভাপতি ভৱেন ঠাকুৰীয়া , বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তৰুণ বৰ্মন , পঞ্চায়ত সদস্যা ভৱানী ডেকা আদি ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত চুতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মান হবলগীয়া

উক্ত কামৰ শুভাৰম্ভ কৰাৰ লগতে বিদ্যালয় চৌহদত এটি পোন্ধৰ লাখটকীয়া বিশুদ্ধ খোৱাপানীৰ আঁচনি নিৰ্মানৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ হ’ব বুলিও পঞ্চায়ত সভাপতি বিকাশ বৰ্মনে জানিব দিয়ে ৷ বানপানীৰ দূৰ্যোগৰ মাজতো বিদ্যালয় খনৰ প্ৰতি লোৱা আগ্ৰহৰ বাবে পঞ্চায়ত খনৰ এনে ইতিবাচক কামৰ বাবে ৰাইজে শলাগ লৈছে  ৷