নলবাৰী চহৰত কিতাপ কিনি ঘৰলৈ উভতি আহিছিল ককায়েক আৰু ভনীয়েক ৷ ঘৰৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ দুয়োকে ৷নলবাৰীৰ গংগাপুৰ অঞ্চলত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয় এজন যুৱক আৰু এগৰাকী প্ৰায় ১৭ বছৰীয়া কিশোৰীক ৷ দুয়োৰে দেহত স্পষ্টকৈ দেখা গৈছে কেবাটাও আঘাতৰ চিন ৷ কোনো দুৰ্বৃত্তই দুয়োকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰা বুলি সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় লোকে ৷জানিব পৰা মতে যুৱকজনৰৰ নাম মাধুৰ্য বৰ্মন ৷দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আঘাতত থিতাতে নিহত হয় মাধুৰ্য বৰ্মন নামৰ যুৱকজন ৷ ইফালে এই ঘটনাত গুৰুতৰভাৱে আহত কিশোৰীগৰাকী বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷দেওবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত এই ঘটনাটোৱে সমগ্ৰ নলবাৰী জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কোনে কি উদ্দেশ্যেৰে এই হত্যাকাণ্ডটো সংঘটিত কৰিলে সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
