স্বয়ম্ভূ ধৰ্মগুৰু আশাৰাম বাপুৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি অপৰিৱৰ্তিত ৰাখিলে ৰাজস্থান উচ্চ ন্যায়ালয়ে। শেহতীয়া তথ্য অনুসৰি, ন্যায়াধীশ অৰুণ মোংগা আৰু ন্যায়াধীশ যোগেন্দ্ৰ কুমাৰ পুৰোহিতৰ বিচাৰপীঠে সোমবাৰে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। আদালতে আশাৰামক দলবদ্ধ ধৰ্ষণ আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গুৰুতৰ অভিযোগৰ পৰা মুক্ত কৰে যদিও এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ মূল অপৰাধত নিম্ন আদালতে বিহা যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে।
বৰ্তমান চিকিৎসাজনিত কাৰণত অন্তৱৰ্তীকালীন জামিনত থকা ৮৬ বছৰীয়া আশাৰামৰ জামিন বাতিল কৰে উচ্চ ন্যায়ালয়ে। একেদৰে তেওঁক অবিলম্বে আত্মসমৰ্পণ কৰিবলৈকো ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰে।
ৰায়দানৰ সময়ত আদালতে মন্তব্য কৰে যে আশাৰামৰ বৃদ্ধ বয়স বা শাৰীৰিক দুৰ্বলতাৰ দোহাই দি ভুক্তভোগী নাবালিকা গৰাকীৰ সৰৱ কণ্ঠক আওকাণ কৰিব নোৱাৰি। এই ধৰণৰ জঘন্য অপৰাধত শিথিলতা প্ৰদৰ্শন কৰিলে অপৰাধমূলক ন্যায় ব্যৱস্থাৰ ওপৰত সমাজৰ বিশ্বাস হেৰাই যাব বুলিও স্পষ্ট কৰি দিয়ে বিচাৰপীঠে।
অন্যহাতে, এই গোচৰৰ সৈতে জড়িত থকা আন দুই সহ-অভিযুক্ত হোষ্টেলৰ ৱাৰ্ডেন সঞ্চিতা গুপ্তা ওৰফে শিল্পী আৰু স্কুলৰ সঞ্চালক শৰৎ চন্দ্ৰক উচ্চ ন্যায়ালয়ে সম্পূৰ্ণৰূপে দোষমুক্ত ঘোষণা কৰে। ইয়াৰ পূৰ্বে নিম্ন আদালতে তেওঁলোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছিল।
উল্লেখযোগ্য যে, ২০১৩ চনত যোধপুৰৰ আশ্ৰমত এগৰাকী নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰাৰ অপৰাধত ২০১৮ চনত নিম্ন আদালতে আশাৰামক দোষী সাব্যস্ত কৰিছিল।
