পাঠশালাত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

38

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি’ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে। বিশ্ববিদ্যালয় খনৰ প্ৰায় ৮০৫ গৰাকী-ছাত্ৰী এই আঁচনিৰ জৰিয়তে আজি উপকৃত হ’ব বুলি ভাষন প্ৰসংগত কয় মন্ত্ৰী দাসে ৷ উক্ত সভাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধনপতি ডেকা, পঞ্জীয়ক  সুভাষ চন্দ্ৰ দাস আৰু বজালী জিলা আয়ুক্ত মৃদূল দাস, অতিৰিক্ত আয়ুক্ত  প্ৰাঞ্জল কোঁৱৰৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷ ইপিনে অসমৰ সৰ্বশ্ৰেষ্ঠ, সৰ্বোপকাৰি ছাত্ৰীসকলৰ কল্যাণৰ বাবে প্ৰৱৰ্তন কৰা নিযুত মইনা আঁচনিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক হৃদয়ৰ পৰা ধন্যবাদ জনায় মন্ত্ৰী দাসে ৷ তেওঁ কয় যে, এই ধন্যবাদ মই মন্ত্ৰী হোৱাৰ কাৰণে জনোৱা নাই৷

এই ধন্যবাদ জনাইছোঁ এই কাৰণেই যে, গুৱাহাটী বিশ্ববিদ্যালয়ত ১৯৯১ চনত মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া ছাত্ৰী অৱস্থাত থকা মোৰ পত্নীক ঘৰৰ পৰা প্ৰতিমাহে দিছিলে মাত্ৰ ৩০০ টকা ৷ সেই তিনিশ টকাৰেই তেওঁ সকলো খা-খৰচ সামৰি লাইব্ৰেৰী আদিত পঢ়াশুনা কৰি স্নাতকোত্তৰ ডিগ্ৰী লৈছিল ৷ আনকি বহু এনেকুৱা ছাত্ৰীও লগ পাইছিলোঁ বা এতিয়াও লগ পাওঁ যাৰ মেধা শক্তি থকাৰ পিছতো পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবে তেওঁলোকে শিক্ষা জীৱন আধাতে সমাপ্ত কৰিব লগা হয় ৷ মোৰ সমষ্টিতেই এনে বহু পৰিয়াল আছে যি নিজৰ ছোৱালীজনীক বিশ্ববিদ্যালয়ত পঢ়াৰ খৰচৰ বাবদ মাহেকত মাত্ৰ ১,০০০ পৰা ১,৫০০ টকাহে দিব পাৰে৷ কিন্তু এতিয়া অন্ততঃ তেনে আৰ্থিক ভাৱে পিছপৰা মেধাৱী ছাত্ৰীসকলে পঢ়া আধাতে এৰিব নালাগে, সেই সমস্যা চিৰদিনৰ বাবে অন্ত পৰিল ৷

কিয়নো, এতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহে ১০০০ টকাকৈ বছৰি ১০,০০০ টকা, স্নাতকৰ ছাত্ৰীয়ে মাহে ১,২৫০ টকাকৈ বছৰি ১২,৫০০ টকা আৰু স্নাতকোত্তৰ নামভৰ্তিৰ পিছত প্ৰতিমাহে ২,৫০০ টকাকৈ বছৰি ২৫,০০০ টকাকৈ চৰকাৰৰ পৰা লাভ কৰাৰ পিছত কোনো ছাত্ৰীয়ে যে,  আৰ্থিক দৈন্যতাৰ কাৰণে শিক্ষা জীৱন সমাপ্ত কৰিব লগা নহয় সেয়া নিশ্চিত কৰিলে অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন আমাৰ চৰকাৰ খনে৷ উক্ত অনুষ্ঠানত মোৰ লগত উপস্থিত থাকে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক ডেকা, বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত উৰ্মি মেধি, পাটাছাৰকুছি পৌৰসভাৰ পৌৰপতি জয়ন্ত তহবিলদাৰকে আদি কৰি অধ্যাপক-অধ্যাপিকাসকল আৰু বিশিষ্ট ব্যক্তিসকল ৷