প্ৰাক্তন সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নৰৱণেৰ অপ্ৰকাশিত স্মৃতিকথাৰ বিতৰ্কিত অংশই দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে। ‘ফোৰ ষ্টাৰ্ছ অফ ডেষ্টিনি’ শীৰ্ষক এই গ্ৰন্থখনত উল্লিখিত ভাৰত-চীন সীমান্তৰ উত্তেজনাৰ প্ৰসংগত শেহতীয়াকৈ মুখ খুলিছে প্ৰাক্তন সেনাপ্ৰধানগৰাকীয়ে। এক বিশেষ সাক্ষাৎকাৰত তেওঁ কয় যে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে তেওঁক যি নিৰ্দেশ দিছিল, সেয়া সশস্ত্ৰ বাহিনীৰ প্ৰতি চৰকাৰৰ থকা গভীৰ আস্থাৰেই প্ৰমাণ।
উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰী মাহত সংসদৰ বাজেট অধিবেশনত এই অপ্ৰকাশিত গ্ৰন্থখনৰ এটা অংশক লৈ চৰকাৰ আৰু বিৰোধীৰ মাজত তুমুল বাকযুদ্ধৰ সৃষ্টি হৈছিল। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অভিযোগ তুলিছিল যে ২০২০ চনত পূব লাদাখত চীনৰ সেনাই আগ্ৰাসন চলোৱাৰ খবৰ পোৱাৰ পাছতো প্ৰধানমন্ত্ৰীয়ে কোনো সিদ্ধান্ত ল’বলৈ সক্ষম হোৱা নাছিল। অৱশ্যে সংসদৰ কাৰ্যবিধিৰ দোহাই দি লোকসভাৰ অধ্যক্ষই এই বিষয়ত অধিক আলোচনা কৰাত বাধা প্ৰদান কৰে।
২০১৯ চনৰ ডিচেম্বৰৰ পৰা ২০২২ চনৰ এপ্ৰিললৈ দেশৰ সেনাপ্ৰধান হিচাপে দায়িত্ব পালন কৰা নাৰৱানেই তেওঁৰ ৪৪৮ পৃষ্ঠাৰ গ্ৰন্থখনত সীমান্তৰ পৰিস্থিতিৰ এক ভয়ংকৰ বৰ্ণনা দিছে। ২০২০ চনৰ ৩১ আগষ্টত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা কথা-বাৰ্তাৰ প্ৰসংগ টানি তেওঁ স্মৃতিকথাত লিখিছে, “তেওঁ (ৰাজনাথ সিং) কয় যে, তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিছে আৰু এয়া সম্পূৰ্ণৰূপে এটা সামৰিক সিদ্ধান্ত। মোক কোৱা হয় যিটো উচিত বুলি ভাৱে, সেয়াই কৰক।” এই নিৰ্দেশৰ পাছতে তেওঁ গভীৰ নিশাহ লৈ কিছু সময় নিস্তব্ধ হৈ পৰা বুলিও গ্ৰন্থখনত উল্লেখ কৰে।
ইফালে, ছয় বছৰ পূৰ্বে লাভ কৰা সেই চৰম স্বাধীনতাৰ পাছত বৰ্তমান ইয়াক মোদী চৰকাৰৰ ইতিবাচক পদক্ষেপ হিচাপেহে অভিহিত কৰিছে প্ৰাক্তন সেনাপ্ৰধানগৰাকীয়ে। তেওঁৰ মতে, কঠিন পৰিস্থিতিত ৰাজনৈতিক নেতৃত্বই সামৰিক বাহিনীৰ ওপৰত সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰাটোৱে সেনাৰ প্ৰতি থকা বিশ্বাসকে সূচায়। বৰ্তমান এই গ্ৰন্থখনক লৈ ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
