ষ্ট্ৰোক আৰু অন্যান্য স্নায়ুজনিত বিকাৰৰ পৰা সুস্থ হৈ উঠা ৰোগীসকলৰ আত্ম স্বতন্ত্ৰতা ঘূৰাই পাবলৈ দীৰ্ঘম্যাদী পুনৰ্বাসন আৰু পৰিয়ালৰ সহায়ৰ প্ৰয়োজন বুলি বুলি মেদান্তা-দ্য মেডিচিটীৰ বিশেষজ্ঞসকলে উত্তৰ-পূবত স্নায়ুজনিত ৰোগৰ ক্ৰমবৰ্ধমান বোজাৰ ওপৰত আলোকপাত কৰি এই কথাত জোৰ দিছে। গুৱাহাটীৰ যুৱ পেছাদাৰী প্ৰাঞ্জলৰ ৰোগৰ বিষয়ে সদৰি কৰি চিকিৎসকে কয় যে সুস্থ জীৱনশৈলী বজাই ৰাখিও ষ্ট্ৰোকত আক্ৰান্ত হৈছিল। পিছলৈ গুৰুতৰভাৱে অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপ ধৰা পৰে, মানসিক চাপৰ ফলত অধিক প্ৰভাৱিত হয় আৰু পাৰিবাৰিকভাৱে ষ্ট্ৰোকৰ ইতিহাস দেখি গৈছিল। ৰোগত আক্ৰান্তৰ এবছৰৰ পাছতো বাক শক্তিৰ অক্ষমতা আৰু শৰীৰৰ সোঁফালে সীমিত গতিবিধিৰে জীৱন-মুত্যুৰে যুঁজি আছে, যাৰ ফলত আৱেগিক সুস্থতা আৰু আৰ্থিক স্থিতিশীলতা দুয়োটাতে প্ৰভাৱ পৰিছে।
গুৰুগ্ৰামৰ মেদান্তা – দ্য মেডিচিটীৰ স্নায়ুবিজ্ঞানৰ সঞ্চালক ডাঃ জ্যোতি চেহগালে এই বিষয়ে কয় যে, ‘উন্নত আৰোগ্যৰ ফলাফলৰ বাবে পুনৰ্বাসন আগতীয়াকৈ আৰম্ভ কৰিব লাগে আৰু ধাৰাবাহিকভাৱে চলি থাকিব লাগে। আৰোগ্যৰ আৰম্ভণি প্ৰকৃতাৰ্থত পুনৰ্বাসনৰ পৰা হয়। গাঁথনিগত পুনৰ্বাসনে মগজু আৰু শৰীৰক নিজৰ হেৰুওৱা কাৰ্যসমূহ পুনৰ শিকিবলৈ আৰু আত্মবিশ্বাস পুনৰ লাভ কৰিবলৈ সক্ষম কৰে।’
ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ তথ্য অনুসৰি ভাৰতত বছৰি প্ৰায় ১.৮ মিলিয়ন নতুন ষ্ট্ৰোক ৰোগীৰ তথ্য পোৱা গৈছে। ডাঃ ছেহগালে কয় যে অৰ্থপূৰ্ণ আৰোগ্যৰ বাবে ফিজিঅ’থেৰাপি, স্পিচ থেৰাপি, অংকুপেচনেল থেৰাপি আৰু মানসিক সহায়ৰ সৈতে জড়িত ব্যক্তিগতকৃত পুনৰ্বাসন অতি প্ৰয়োজনীয়। স্নায়ুজনিত জটিলতা হ্ৰাস কৰিবলৈ উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মেদান্তাই অসমীয়া, বাংলা, নাগামীজ, ইংৰাজী আৰু হিন্দী ভাষাত ৰোগীক সহায়ৰ বাবে এক সমৰ্পিত উত্তৰ-পূর্বাঞ্চলৰ বাবে সুকীয়া হেল্পলাইন মুকলি কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্যসেৱাৰ সুবিধা শক্তিশালী কৰাৰ বাবে মেদান্তাই বহুভাষিক হেল্পলাইন আৰম্ভ কৰাৰ লগতে ২৫ এপ্ৰিলত ডিব্ৰুগড় আৰু ২৬ এপ্ৰিলত গুৱাহাটীত ডাঃ চেহগালৰ পৰামৰ্শমূলক ভ্ৰমণৰ কথা সদৰি কৰিছে।
