মূৰৰ বিষ আটাইতকৈ সাধাৰণ স্বাস্থ্যজনিত অভিযোগসমূহৰ ভিতৰত অন্যতম আৰু সাধাৰণতে মানসিক চাপ, টোপনিৰ অভাৱ, ডিহাইড্ৰেচন আৰু অত্যাধিক স্ক্ৰীন টাইম (মোবাইল বা কম্পিউটাৰত বেছি সময় কটোৱা) আদি কাৰকৰ সৈতে জড়িত হ’লেও, মেদান্তা-দ্য মেডিচিটীৰ বিশেষজ্ঞসকলে সাধাৰণ লোকসকলক অধিক গুৰুতৰ অন্তৰ্নিহিত ৰোগৰ ইংগিত দিব পৰা লক্ষণসমূহৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।
মেদান্তা গুৰুগ্ৰামৰ নিউৰ’লজী বিভাগৰ সঞ্চালক ডাঃ জ্যোতি ছেহগালৰ মতে, বেছিভাগ মূৰৰ বিষ কোনো গুৰুতৰ ৰোগৰ সৈতে জড়িত নহয় আৰু ইয়াক কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিব পৰা যায়। অৱশ্যে, অহৰহ হৈ থকা, অস্বাভাৱিকভাৱে তীব্ৰ বা বাৰে বাৰে হোৱা মূৰৰ বিষৰ কাৰণ চিনাক্ত কৰিবলৈ আৰু সময়মতে চিকিৎসা নিশ্চিত কৰিবলৈ এজন চিকিৎসা বিশেষজ্ঞৰ দ্বাৰা মূল্যায়ন কৰোৱা উচিত।
বাৰে বাৰে হোৱা মূৰৰ বিষৰ অন্যতম সাধাৰণ কাৰণ হৈছে মাইগ্ৰেন, যাৰ ফলত প্ৰায়েই মূৰৰ কামোৰণি বা স্পন্দনশীল বিষ হোৱাৰ লগতে পোহৰ, শব্দ বা গোন্ধৰ প্ৰতি সংবেদনশীলতা দেখা যায়। ডাঃ ছেহগালে কয় যে, সাধাৰণতে ঔষধ, জীৱনশৈলীৰ পৰিৱৰ্তন আৰু প্ৰতিৰোধমূলক চিকিৎসাৰ জৰিয়তে মাইগ্ৰেন নিয়ন্ত্ৰণ কৰিব পৰা যায়।
তেওঁ উল্লেখ কৰে যে কেতিয়াবাহে মূৰৰ বিষ স্নায়ুতন্ত্ৰৰ সংক্ৰমন, ষ্ট্ৰোক, ব্ৰেইন এনিউৰিজম বা ব্ৰেইন টিউমাৰ আদি সমস্যাৰ সৈতেও জড়িত হ’ব পাৰে। স্নায়ুৰোগ বিশেষজ্ঞসকলে জৰুৰীকালীন চিকিৎসা গ্ৰহণৰ পৰামৰ্শ দিয়ে যদিহে মূৰৰ বিষৰ সৈতে বাৰে বাৰে বমি হোৱা, কথা কোৱাত অসুবিধা হোৱা, হাত-ভৰি দুৰ্বল হোৱা, এটা বস্তু দুটা দেখা, মৃগীৰ দৰে কঁপনি উঠা বা হঠাতে চেতনাৰ পৰিৱৰ্তন ঘটা আদি লক্ষণসমূহে দেখা দিয়ে।
ডিব্ৰুগড়ত, স্নায়ৱিক স্বাস্থ্যৰ প্ৰতি ক্ৰমবৰ্ধমান সজাগতা আৰু বিশেষজ্ঞৰ পৰামৰ্শ লাভৰ বৰ্ধিত সুযোগে উজনি অসমত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ চাহিদা বৃদ্ধিত অৰিহণা যোগাইছে। স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলে আগতীয়া ৰোগ নিৰ্ণয় আৰু বিশেষজ্ঞৰ নেতৃত্বত কৰা চিকিৎসাৰ প্ৰতি অধিক আগ্ৰহ প্ৰত্যক্ষ কৰিছে, যিয়ে এই অঞ্চলটোত সক্ৰিয় স্বাস্থ্য ব্যৱস্থাপনাৰ প্ৰতি এক ব্যাপক প্ৰৱণতা প্ৰতিফলিত কৰে।
মেদান্তাই সদৰি কৰিছে ডাঃ ছেহগল অহা ২০ জুনত ডিব্ৰুগড় মেডিচিটীত পৰামৰ্শৰ বাবে উপলব্ধ থাকিব। হাস্পতালখনে ৰোগীসকলক অসমীয়া, বঙালী, নাগামিজ, ইংৰাজী আৰু হিন্দী ভাষাত চিকিৎসক বাছনি আৰু এপইণ্টমেণ্ট লোৱাত সহায় কৰিবলৈ এক সমৰ্পিত উত্তৰ-পূব হেল্পলাইন মুকলি কৰিছে।
