২০২৬ বৰ্ষত নিউজউইকে ভাৰতৰ শ্ৰেষ্ঠ চিকিৎসালয় হিচাপে ঘোষণা কৰা গুৰুগ্ৰামস্থিত মেদান্তা –দ্য মেডিচিটীৰ চিকিৎসকে শিশুৰ যকৃতৰ ৰোগ বৃদ্ধি হোৱাটো ক্ৰমান্বয়ে লক্ষ্য কৰিছে — বিশেষকৈ মেটাবলিক এছ’চিয়েটেড ষ্টেট’টিক লিভাৰ ডিজিজ (এমএএছএলডি), যাক ফেটি লিভাৰ বুলিও কোৱা হয় — যিবোৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ সৈতে জড়িত।
মেদান্তা গুৰুগ্ৰামৰ পেডিয়াট্ৰিক গেষ্ট্ৰ‘এণ্ট্ৰলজী তথা হেপাট‘লজীৰ জ্যেষ্ঠ সঞ্চালক তথা ডাঃ বি চি ৰয় ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত ডাঃ নীলম মোহনে কয় যে, জাংক আৰু প্ৰচেছড খাদ্যৰ অধিক সেৱন, অতিৰিক্ত চেনি গ্ৰহণ, শাৰীৰিক কাৰ্য-কলাপৰ অভাৱ আৰু অনিয়মিত ৰুটিনে শৈশৱৰ মেদবহুলতাত অৰিহণা যোগায় আৰু যকৃতৰ ৰোগৰ আশংকা বৃদ্ধি কৰে, যাৰ ভিতৰত আছে চৰ্বিযুক্ত যকৃত, বিলিয়াৰী এট্ৰেছিয়া, আৰু পেডিয়াট্ৰিক পেনক্ৰিয়াটাইটিছ-প্ৰায়ে সাধাৰণ পাচন সমস্যা হিচাপে ভুল চিনাক্তকৰণ কৰা হয়, যাৰ ফলত চিকিৎসা বিলম্বিত হয়। তেখেতে কয়, “”যোৱা দশকত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। বেছিভাগ শিশুৱে লক্ষণ দেখা নাযায় আৰু নিয়মীয়া পৰীক্ষাৰ সময়ত আকস্মিকভাৱে ৰোগ ধৰা পৰে।উদাহৰণস্বৰূপে ভাৰতত স্কুললৈ যোৱা শিশুৰ ১০-১৮% অতিৰিক্ত ওজন বা মেদবহুল, আৰু ৩৫-৪৫% মেদবহুল শিশুৰ এমএএছএলডি ৰোগৰ আশংকা থাকে।”
উত্তৰ-পূৰ্বাঞ্চলত শিশুৰ মেদবহুল যকৃতৰ ৰোগ বৃদ্ধি পাইছে, যাক দ্ৰুত নগৰীকৰণ, অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু শাৰীৰিক কাৰ্য-কলাপ হ্ৰাসৰ সৈতে সম্পৰ্কিত কৰিব পাৰি, বহুতো শিশুৰ এতিয়া মেদবহুলতাৰ দ্বাৰা আক্ৰান্ত নহ’লেও অধিক ওজন আছে। ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্সৰ (আইএপি) ৰাষ্ট্ৰীয় অধ্যক্ষ ডাঃ মোহনে কয় যে, এই আচৰণবোৰে কেৱল যকৃতৰ স্বাস্থ্যৰ ক্ষতি কৰাই নহয় বৰঞ্চ আগতীয়াকৈ আৰম্ভ হোৱা ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু অন্যান্য বিপাকীয় জটিলতাত অৰিহণা যোগায়।
ৰোগৰ প্ৰাৰম্ভিক চিনাক্তকৰণ গুৰুত্বপূৰ্ণ, বিশেষকৈ কাৰণ বহুতো শিশুৰ যকৃতৰ অৱস্থা নীৰৱে চিৰ”ছিছ বা অন্তিম পৰ্যায়ৰ যকৃতৰ ৰোগলৈ আগবাঢ়ি যায়। নিৰন্তৰ ভাগৰুৱা, অস্পষ্ট ওজন বৃদ্ধি বা পেটৰ অস্বস্তিৰ দৰে সৰল সূচকবোৰক অৱহেলা কৰা উচিত নহয়। সময়মতে পৰীক্ষা কৰিলে যকৃতৰ গুৰুতৰ ক্ষতি হোৱাত বাধা দিব পাৰে আৰু পিছৰ জীৱনত জটিল পদক্ষেপৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব পাৰে।
মেদান্তা গুৰুগ্ৰামৰ পেডিয়াট্ৰিক গেষ্ট্ৰ‘এণ্ট্ৰ‘লজী তথা হেপাট‘লজীৰ জ্যেষ্ঠ সঞ্চালক ডাঃ নীলম মোহনে এই বিষয়ে কয় যে, প্ৰতিৰোধত পিতৃ-মাতৃয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিয়নো শিশুৰ অভ্যাসসমূহ প্ৰধানকৈ ঘৰতে গঠন কৰা হয়। তেখেতে কয় যে, “জীৱনশৈলীৰ পৰিৱৰ্তন অত্যাৱশ্যকীয়-যেনেকৈ এটা ৱাইফাই ডিভাইচে সংযোগৰ বাবে ৰাউটাৰৰ ওপৰত নিৰ্ভৰ কৰে, শিশুসকলে ভালদৰে কাম কৰিবলৈ নিজৰ ঘৰৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ অৰ্থ হৈছে পিতৃ-মাতৃয়ে জাংক ফুড, ৰিফাইণ্ড আটা আৰু চেনি হ্ৰাস কৰি, দৈনিক ৪৫-৬০ মিনিট শাৰীৰিক কাৰ্য-কলাপক উৎসাহিত কৰি, স্ক্ৰীনৰ সময় সীমিত কৰি আৰু নিয়মীয়া ৰুটিন আৰু পৰ্যাপ্ত টোপনি নিশ্চিত কৰি ন্তানৰ আহাৰ সক্ৰিয়ভাৱে উন্নত কৰে। ঘৰত সৰু সৰু, ধাৰাবাহিক পৰিৱৰ্তনে যকৃতৰ ৰোগৰ আশংকা যথেষ্ট হ্ৰাস কৰিব পাৰে আৰু দীৰ্ঘম্যাদী স্বাস্থ্য ফলাফল উন্নত কৰিব পাৰে। ইয়াৰ লগতে বিদ্যালয়সমূহক কেণ্টিনত জাংক ফুড বা প্ৰক্ৰিয়াজাত চেনিযুক্ত খাদ্য ৰখাৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰিব লাগিব।”
শিশুৰ ক্ষেত্ৰত এণ্টিবায়টিকৰ ব্যাপক আৰু অপ্ৰয়োজনীয় ব্যৱহাৰৰ আশে-পাশে থকা উদ্বেগসমূহৰ ওপৰতো আলোকপাত কৰি তেখেতে উল্লেখ কৰে যে, “স্ব-ঔষধ আৰু চিকিৎসা নিৰীক্ষণ অবিহনে এন্টিবায়টিকৰ অভাৰ-দ্য-কাউণ্টাৰ ব্যৱহাৰ সাধাৰণ আৰু ক্ষতিকাৰক দুয়োটাই। ই যকৃতৰ কাৰ্য্যক্ষমতা দুৰ্বল কৰিব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত বাধা দিব পাৰে।”
মেদান্তাই অসমীয়া, বাংলা, নাগামীজ, ইংৰাজী আৰু হিন্দী ভাষাত সহযোগিতাৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত চিকিত্সাৰ সুবিধা উন্নত কৰাৰ বাবে এক নিৰ্দিষ্ট হেল্পলাইন — +91 8904395588 — আৰম্ভ কৰিছে। পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ উপলব্ধ এই সেৱাৰ জৰিয়তে চিকিৎসক নিৰ্বাচন আৰু এপইণ্টমেণ্টত সহায় কৰে।
