এতিয়া নিৰ্বাচনী যুঁজৰ মাজপথতে প্ৰতীক বৰদলৈয়ে মাৰ্ঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থীত্বৰ প্ৰত্যাহাৰ কৰিছে। পিতৃ তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বুধবাৰে বিজেপিত যোগদান কৰাৰ পাছত ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ইতিমধ্যে, তেওঁ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ বিৱৰণসহ মল্লিকাৰ্জুন খাৰ্গেলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পিতৃৰ অকস্মাৎ দলত্যাগৰ পাছত প্ৰতীক বৰদলৈৰ এই পদক্ষেপই বিশেষ চৰ্চাৰ জন্ম দিছে আৰু নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থাকোঁতে কংগ্ৰেছৰ বাবে এক বৃহৎ চেলেঞ্জ সৃষ্টি কৰিছে।
