গুৱাহাটী মহানগৰীৰ পাৰ্শ্ববৰ্তী ৰাণী অঞ্চলৰ পৰা অসমৰ শুকুৰবৰীয়া হৈ মেঘালয় সংযোগী এন ই চি পথটোৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ বহু বাট – পথ সম্প্ৰতি গধুৰ ট্ৰাক, ডাম্পাৰ আদিৰ চলাচলত বিধ্বস্ত হৈ পৰৰ লগতে ঠাই বিশেষে যাতায়তৰ অনুপযোগী হৈ পৰিছে। উল্লেখ্য যে আজাৰাৰ ৰাণীগেটৰ পৰা ৰাণী – শুকুৰবৰীয়া হৈ দুইলেনযুক্ত পথচোৱা মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙলৈ যোৱাৰ বাবে বিকল্প পথ হিচাপেও বহু লোকে ব্যৱহাৰ কৰি আহিছে । অসমৰ শেষ সীমান্ত হিচাপে পৰিচিত ৰাণীৰ শুকুৰবৰীয়া হৈ মেঘালয়ৰ পৰা অসমলৈ প্ৰৱেশ কৰা প্ৰকাণ্ড অভাৰলোড শিলভৰ্তি ট্ৰাক , ডাম্পাৰে এতিয়া সীমান্তৱৰ্তী অঞ্চলত ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে। কিয়নো এন ই চি পথেৰে নিৰ্ধাৰিত পৰিমাণতকৈ অধিক ওজন সৰবৰাহ কৰা তেনে অভাৰলোড ট্ৰাক বা ডাম্পাৰ সমুহৰ একাংশ এন ই চি পথ সংযোগী গাওঁ সমূহৰ মাজেৰে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চললৈ অহা যোৱা কৰে।
কিন্তু সৰু আৰু দুৰ্বল বাট পথসমূহে এনে গধুৰ বাহনৰ ভৰ বাহন কৰিব নোৱাৰাৰ ফলত স্বাভাবিকতে তেনে বাট পথ সমূহ ভাগি চিগি যাতায়াতৰ অনুপযোগী হৈ পৰিছে। অঞ্চলটোৰ ভুক্তভোগী ৰাইজে ৰাইজে কৰা অভিযোগ অনুসৰি নিশাৰ আন্ধাৰত অসাধু চক্ৰই দৈনিক গড় হিচাপত ১০ খনমান অভাৰলোড শিলভৰ্তি ডাম্পাৰ সেই পথেৰে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চললৈ প্ৰৱেশ কৰে। ফলত পথসমূহ ভাগি যোৱাৰ লগতে স্থানীয় ৰাইজৰ জীৱন আৰু সম্পত্তিৰ ওপৰত বিপদ নামি আহিছে। লক্ষণীয়ভাবে অসমৰ আন আন অঞ্চলৰ আন্তঃৰাজ্যিক সীমান্তত আৰক্ষী, জিলা প্ৰশাসন , বন বিভাগকে ধৰি ৰাজ্যৰ চৰকাৰৰ বিভিন্ন বিভাগ সমূহৰ প্ৰত্যক্ষ – পৰোক্ষ নিয়ন্ত্ৰণ থাকে। কিন্তু ইয়াৰ বিপৰীতে ৰাণীৰ শুকুৰবৰীয়াত আন্তঃৰাজ্যিক প্ৰৱেশ পথত অসম চৰকাৰৰ বন বিভাগৰ বাহিৰে আন কোনো বিভাগৰ অস্তিত্ব নাই। অথচ ইয়াৰ বিপৰীতে মেঘালয় চৰকাৰৰ ফালৰ পৰা বন বিভাগৰ উপৰিও আৰক্ষীৰ সীমান্ত চকী বা বৰ্ডাৰ আউট পোষ্ট আছে।
আনহাতে মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা তেনে শিলভৰ্ত্তি ট্ৰাক বা ডাম্পাৰ সমূহৰ যি চালান থাকে তাৰ বহুতৰে ম্যাদ উকলি গৈছে। কিন্তু সেই অঞ্চলটো সাধাৰণতে উচ্চপদস্থ বিষয়াৰ দৃষ্টিত নথকাত তেনে অসাধু চক্ৰই মেঘালয়ৰ লগতে অসমৰ বন বিভাগৰ একাংশ বনকৰ্মীক মেনেজ কৰি অবৈধভাবে অসমত অভাৰলোড শিলভৰ্ত্তি ট্ৰাক বা ডাম্পাৰ প্ৰৱেশ কৰাই আহিছে । নিয়ম অনুসৰি চালানত অসমৰ কোন ঠাইৰ ক্ৰেছাৰত শিল যোগান ধৰা হ’ব , সেই তথ্য চালানত স্পষ্টকৈ উল্লেখ থাকিব লাগে । কিন্তু বহু তেনে ডাম্পাৰত থকা চালানত কেৱল অসম বুলিহে উল্লেখ কৰা থাকে।
