সলনি হৈছে মণিপুৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহনৰ দিন…

5099

মণিপুৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন সাল-সলনি। নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ বাবে ঘোষণা কৰিলে নতুন তাৰিখ।

জাননী অনুসৰি মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৭ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। আনহাতে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৩ মাৰ্চৰ পৰিৱৰ্তে ৫ মাৰ্চত অনুষ্ঠিত হ’ব।

অৱশ্যে এতিয়ালৈ ভাৰতীয় নিৰ্বাচনী আয়োগে কি কাৰণত মণিপুৰ বিধানসভা নিৰ্বাচনৰ দিনৰ সাল-সলনি কৰিছে সেই সম্পৰ্কে কোনো কথা প্ৰকাশ কৰা নাই।

৬০ খন বিধানসভা আসন থকা মণিপুৰ বিধানসভাৰ নিৰ্বাচন পূৰ্ব ঘোষিত দিন অনুসৰি ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ কথা আছিল।

মণিপুৰ বিধানসভাৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ৩৮ টা বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যে ১৭৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ১১ ফেব্ৰুৱাৰী।