বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত অব্যাহত থকা ভূমি দখলক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উদ্যানখনত নতুনকৈ কোনো ধৰণৰ অনুপ্ৰৱেশ বা দখল যাতে নহয়, সেই ব্যৱস্থা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰিছে আদালতে।
মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। মানস ৰাষ্ট্ৰীয় উদ্যানত ব্যাপক অবৈধ দখলৰ অভিযোগ উত্থাপন কৰি পৰিৱেশকৰ্মী ৰোহিত চৌধুৰীয়ে দাখিল কৰা জনস্বাৰ্থমূলক আবেদনৰ শুনানিৰ সময়ত এই নিৰ্দেশ জাৰি কৰা হয়।
আবেদনকাৰীৰ হৈ অধিবক্তা আবিৰ ফুকনে উল্লেখ কৰে যে, বিশেষকৈ পানবাৰী আৰু বেতবাৰী অঞ্চলত বৃহৎ পৰিসৰত ভূমি দখল হৈছে। ইয়াৰ উপৰি মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ ভিতৰত থকা কোকিলাবাৰী বীজ পামৰ একাংশ ভূমি এতিয়াও বিটিচিৰ কৃষি বিভাগে কৃষিকাৰ্যৰ বাবে ব্যৱহাৰ কৰি আছে।
ৰাজ্য চৰকাৰ আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ হৈ অতিৰিক্ত মহাধিবক্তা পি এন গোস্বামীয়ে জাননী গ্ৰহণ কৰে। আনহাতে বিটিচিৰ হৈ স্থায়ী অধিবক্তা এন চৌধুৰীয়ে আদালতত উপস্থিত হৈ জাননী গ্ৰহণ কৰে।
উচ্চ ন্যায়ালয়ে মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ ক্ষেত্ৰ সঞ্চালক, কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণলৈও জাননী জাৰি কৰি ২০২৬ চনৰ ৭ অক্টোবৰৰ ভিতৰত জবাব দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
একেদৰে আবেদনকাৰীকো দুসপ্তাহৰ ভিতৰত বাকী প্ৰতিবাদী পক্ষসমূহলৈ জাননী প্ৰেৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আদালতে নিৰ্দেশনা দিয়ে।
পৰৱৰ্তী শুনানি নোহোৱালৈকে মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত নতুনকৈ কোনো ধৰণৰ অনুপ্ৰৱেশ বা ভূমি দখল যাতে সংঘটিত নহয়, সেই ব্যৱস্থা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আদালতে স্পষ্ট নিৰ্দেশ দিয়ে।
জনস্বাৰ্থমূলক এই গোচৰখনৰ পৰৱৰ্তী শুনানি ২০২৬ চনৰ ৭ অক্টোবৰত অনুষ্ঠিত হ’ব।
