ৰাজ্যজুৰি বানৰ বিভীষিকাই সংকট গভীৰ কৰি থকাৰ সময়তো আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অব্যাহত আছে অবৈধ অনুপ্ৰৱেশৰ চেষ্টা। এনে পৰিস্থিতিত সীমান্ত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰা সন্দেহযুক্ত ১৪ জন অনুপ্ৰৱেশকাৰীক আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই তথ্য সদৰি কৰে।
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, অসমত অনুপ্ৰৱেশৰ অপচেষ্টা অব্যাহত থাকিলেও আৰক্ষীয়ে প্ৰতিদিনেই এনে চেষ্টা বিফল কৰি ব্যৱস্থা গ্ৰহণ কৰি আছে।
“প্ৰতিদিনে অনুপ্ৰৱেশকাৰীয়ে অসমত নিজৰ অসৎ উদ্দেশ্য সফল কৰাৰ চেষ্টা চলাই আছে। কিন্তু আমি প্ৰতিটো অপচেষ্টা ব্যৰ্থ কৰি ব্যৱস্থা গ্ৰহণ কৰি আছো। ১৪ জন এনে অনুপ্ৰৱেশকাৰীক অসম আৰক্ষীয়ে আটক কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম সদায় সতৰ্ক হৈ আছে।” — এইদৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আটক কৰা লোকসকলৰ পৰিচয়, অভিযান চলোৱা স্থান অথবা তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অৱশ্যে মুখ্যমন্ত্ৰীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।
উল্লেখযোগ্য যে, অবৈধ অনুপ্ৰৱেশ আৰু সন্দেহযুক্ত বিদেশী নাগৰিকৰ বিৰুদ্ধে অসম চৰকাৰে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে। চৰকাৰে শেহতীয়াকৈ বিধানসভাত সদৰি কৰা মতে, বিগত দহ বছৰত ৰাজ্যৰ পৰা ২,১০০ জনৰ ওচৰ-পাজৰৰ অবৈধ বিদেশীক বহিষ্কাৰ, প্ৰত্যাৰ্পণ অথবা সীমান্তৰ সিপাৰে পঠিয়াই দিয়া হৈছে।
চৰকাৰে উল্লেখ কৰা অনুসৰি, বহিষ্কাৰ কৰা লোকসকলৰ ভিতৰত ২,০২৩ জন বাংলাদেশৰ নাগৰিক।
