মহিন্দ্ৰাই ঘোষণা কৰিছে এক্সইউভি ৩এক্সঅ’ : ৭.৪৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ যুগান্তকাৰী কমপেক্ট এছইউভি

299

ভাৰতৰ আগশাৰীৰ এছইউভি নিৰ্মাতা মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে শেহতীয়াকৈ এক্সইউভি ৩এক্সঅ’ এছইউভি মুকলি কৰাৰ কথা ঘোষণা কৰিছে, কম্পেক্ট এছইউভিখন ৭.৪৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ হ’ব। কম্পেক্ট এছইউভি শাখাত যুগান্তকাৰী বৈশিষ্য সন্নিৱিষ্ট কৰি এক্সইউভি ৩এক্সঅ’ বাহনখনে অভিনৱ ডিজাইন, বিলাসী আভ্যন্তৰীণ, উৎকৃষ্ট আৰু আৰামদায়ক চালনা, অত্যাধুনিক প্ৰযুক্তি, আকৰ্ষণীয় প্ৰদৰ্শন আৰু অতুলনীয় সুৰক্ষা সুবিধাৰ সংমিশ্ৰণ ঘটাইছে। অতুলনীয় বৈশিষ্ট্য আৰু প্ৰতিযোগিতামূলক মূল্যত উপলব্ধ এক্সইউভি ৩এক্সঅ’ই এই শ্ৰেণীত সকলো মানদণ্ডক ন ৰূপত নিৰ্ধাৰণ কৰিবলৈ সাজু হৈছে। মুম্বাইৰ মহিন্দ্ৰা ইণ্ডিয়া ডিজাইন ষ্টুডিঅ'(এমআইডিএছ)ত ডিজাইন কৰা আৰু চেন্নাইৰ কাষৰীয়া মহিন্দ্ৰা ৰিচাৰ্ছ ভেলী(এমআৰভি)ত প্ৰস্তুত কৰা এক্সইউভি ৩এক্সঅ’ই উৎকৃষ্টতা আৰু উদ্ভাৱনৰ প্ৰতি মহিন্দ্ৰাৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ মূৰ্ত কৰিলে। নাছিকত মহিন্দ্ৰাৰ অত্যাধুনিক সুবিধাযুক্ত কেন্দ্ৰত প্ৰস্তুত কৰা, এছইউভিখনে বহনক্ষমতা আৰু মানদণ্ড পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যি গ্লবেল ষ্টেণ্ডাৰ্ড পূৰণ কৰে। বিভিন্ন পৰিসৰৰ গ্ৰাহকক লক্ষ্য কৰি এক্সইউভি ৩এক্সঅ’ বাহনখনে বিভিন্ন শাখাৰ বিচিত্ৰ গ্ৰাহকসকলৰ অনন্য প্ৰয়োজনীয়তা আৰু পছন্দ পূৰণ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে, যাৰ ফলত ই এই শ্ৰেণীৰ বজাৰত যুগান্তকাৰী প্ৰভাৱ পেলাবলৈ সাজু হৈছে।

মহিন্দ্ৰাৰ অটোমোটিভ বিভাগৰ অধ্যক্ষ বিজয় নক্ৰাই কোম্পানীটোৰ শেহতীয়া দৃষ্টিভংগীৰ নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “আকৰ্ষণীয় ৭.৪৯ লাখ টকাৰ প্ৰাৰম্ভিমক মূল্যত এক্সইউভি ৩এক্সঅ’ৰ মুকলিৰ লগে লগে মহিন্দ্ৰাই এছইউভি কেনেধৰণৰ হ’ব পাৰে সেই বিষয়ে গ্ৰাহকৰ দৃষ্টিভংগী পুনৰ সংজ্ঞায়িত কৰিছে। ‘এভ্ৰিথিং ইউ’ ডেলিভাৰী কৰিবলৈ প্ৰস্তুত কৰা ‘এক্সইউ ভি৩এক্সঅ’ বাহনখনে উদ্ভাৱন, সুৰক্ষা, আৰাম আৰু পৰিৱেশনৰ এক অনন্য মিশ্ৰণ প্ৰদান কৰে।” এক্সইউভি ৩এক্সঅ’ই এটা সাহসী আৰু এথলেটিক অনুভূতিও প্ৰদান কৰে যিয়ে ৰাজপথত মনোযোগ আকৰ্ষণ কৰে। বাহনখনৰ প্ৰিমিয়াম ইণ্টেৰিয়ৰত আইভৰি ৰঙৰ থিম, সামান্য-স্পৰ্শতে লেডাৰেট ডেচব’ৰ্ড আৰু লেদাৰেট আসনৰ আপহলষ্টৰী প্ৰদান কৰিছে, যিয়ে পৰিশীলনৰ অনুভূতি উন্নত কৰে।

এক্সইউভি ৩এক্সঅ’ত সুৰক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াত ছটা এয়াৰবেগ, ইলেক্ট্ৰনিক ষ্টেবিলিটী কণ্ট্ৰল (ইএছচি) আৰু হিল হোল্ড কণ্ট্ৰল(এইছএইছচি)কে ধৰি ৩৫টা ষ্টেণ্ডাৰ্ড সুৰক্ষা বৈশিষ্ট্য প্ৰদান কৰা হৈছে, এই ব্যৱস্থাসমূহে যাত্ৰীসকলৰ বাবে মানসিক শান্তি আৰু সুৰক্ষা নিশ্চিত কৰে। বিশ্ব মানদণ্ডৰ টাৰ্বো চাৰ্জড ইঞ্জিনৰ দ্বাৰা চালিত এক্সইউভি ৩এক্সঅ’ই সৰ্বোত্তম টৰ্ক আৰু ত্বৰণৰ সৈতে চমত্কাৰ প্ৰদৰ্শন প্ৰদান কৰাই নহয়, লগতে আকৰ্ষণীয় ইন্ধন কাৰ্যক্ষমতাৰ সৈতে সংযুক্ত কৰা হৈছে। এছইউভিৰ উন্নত ছাচপেনচন চিষ্টেমে আৰামদায়ক আৰু বাধাহীন যাত্ৰা নিশ্চিত কৰে। আনহাতে বাহনখনৰ বিশাল কেবিনে ভৰি থ’বলৈ যথেষ্ট ঠাই আৰু কাৰ্গো স্থান প্ৰদান কৰে, যাৰ ফলত প্ৰতিটো যাত্ৰা উপভোগ্য হৈ পৰে। স্কাইৰুফটিএম, ডুৱেল জ’ন ক্লাইমেট কণ্ট্ৰ’ল আৰু লেভেল ২ এডিএএছৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত এক্সইউভি ৩এক্সঅ’ই প্ৰতিটো যাত্ৰাতে নিমজ্জিত ড্ৰাইভিং অভিজ্ঞতা প্ৰদান কৰে। এক্সইউভি ৩এক্সঅ’ৰ বুকিং ২০২৪ৰ ১৫ মে’ৰ পৰা অনলাইন আৰু মহিন্দ্ৰা ডিলাৰশ্বিপত মুকলি হ’ব, অহা ২৬ মে’ৰ পৰা ডেলিভাৰী আৰম্ভ হ’ব।