আইনী মেৰপাকত এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিশাল ব্যৱসায়িক সাম্ৰাজ্য। প্ৰাণৰ শিল্পীৰ মৃত্যুৰ তদন্ত চলাই থকা বিশেষ ফাষ্ট ট্ৰেক আদালতে অভিযুক্তৰ মালিকানাধীন ‘মহাবীৰ একুৱা’ নামৰ প্ৰতিষ্ঠানটো জব্দ কৰাৰ নিৰ্দেশ দিয়ে। বুধবাৰে এক দীঘলীয়া শুনানিৰ অন্তত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আদালতে। সিদ্ধাৰ্থ শৰ্মাৰ সৈতে আৰ্থিক লেনদেনত জড়িত থকা কেইবাজনো ব্যক্তিৰ বেংক একাউণ্টো আদালতৰ নিৰ্দেশত ফ্ৰিজ কৰা হয়।
ছয়গাঁৱৰ ঔদ্যোগিক কেন্দ্ৰত থকা মহাবীৰ একুৱাক এতিয়া তদন্তৰ আওতালৈ আনিছে বিশেষ ফাষ্ট ট্ৰেক আদালতে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ত্বৰান্বিত শুনানিৰ বাবে হস্তান্তৰ কৰা এই গোচৰটোত ২৯ এপ্ৰিলত জাৰি কৰে নতুন নিৰ্দেশনা। তদন্তকাৰী সংস্থাই অভিযুক্তৰ সৈতে জড়িত বিত্তীয় লেনদেনৰ তথ্যসমূহ বৰ্তমান পৰীক্ষা কৰিছে। এই প্ৰক্ৰিয়াই শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি ধাৰণা কৰা হৈছে।
ইফালে যোৱা ২৮ এপ্ৰিলত হোৱা শুনানিৰ সময়ত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আদালতত নিজৰ যুক্তি দৰ্শায়। অধিবক্তাগৰাকীয়ে কয়, “সিদ্ধাৰ্থ শৰ্মাৰ ভূমিকা কেৱল জুবিন গাৰ্গৰ মঞ্চ অনুষ্ঠান পৰিচালনাৰ মাজতে সীমাবদ্ধ আছিল।” শিল্পীগৰাকীৰ ব্যক্তিগত সুৰক্ষাৰ ক্ষেত্ৰত শৰ্মাৰ কোনো ধৰণৰ দায়িত্ব নাছিল বুলিও তেওঁ আদালতত দাবী কৰে।
আদালতৰ এই শেহতীয়া নিৰ্দেশনাই উচ্চস্তৰীয় তদন্ত প্ৰক্ৰিয়াক অধিক তীব্ৰতৰ কৰি তুলিছে। অভিযুক্তৰ সৈতে জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ নথিপত্ৰ এতিয়া আৰক্ষীৰ বিশেষ নিৰীক্ষণত আছে। ৰাজ্যজুৰি চৰ্চিত এই হাই-প্ৰফাইল গোচৰটোৰ প্ৰতিটো পদক্ষেপে জনসাধাৰণৰ মাজত এতিয়া তীব্ৰ কৌতূহলৰ সৃষ্টি কৰিছে।
