বিধানসভাত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগত মহাৰষ্ট্ৰ বিজেপিৰ ১২ বিধায়কক এবছৰৰ বাবে নিলম্বন

97

মহাৰাষ্ট্ৰ বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগত বিজেপিৰ ১২ বিধায়কক এবছৰৰ বাবে বিধানসভাৰ পৰা নিলম্বন কৰিছে অধ্যক্ষই। সোমবাৰে অ’বিচি সংৰক্ষণৰ সমৰ্থনত বিধানসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল বিজেপি বিধায়ক কেইজনে।

ইফালে বিধায়ক কেইগৰাকীক নিলম্বনৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ নেতা দেবেন্দ্ৰ ফড়নবিছে সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ ব্যক্ত কৰি কয় যে উদ্ধৱ ঠাকৰে চৰকাৰে ‘তালিবানী’ৰ দৰে শাসন চলাইছে। অ’বিচি সংৰক্ষণৰ বাবে ১২ বিধায়কৰ বলিদান দিবলৈ বিজেপি সাজু বুলিও মন্তব্য কৰে ফড়নবিছে।

উল্লেখ্য যে, সোমবাৰৰ এই ঘটনাৰ পিছতে বিজেপি আৰু শিৱসেনাৰ মাজত থকা বন্ধুত্বসুলভ সম্পৰ্কত ফাঁট মেলাৰ আশংকা বৃদ্ধি পাইছে। আজি বিধানসভাত নিলম্বিত হোৱা বিধায়কসকলৰ ভিতৰত আছে সঞ্জয় কুটে, আশীষ ছোলাৰ, যোগেশ সাগৰ, গিৰীজ মহাজন, হৰীশ পিম্পলে, অতুল ভাতৰখলকৰ, অভিমন্যু পৱাৰ, বন্তী বাংগডীয়া আৰু নাৰয়ণ কুছে।