দেশৰ আগশাৰীৰ শক্তি সমাধান ব্ৰেণ্ড তথা আইপিএল ২০২৪ৰ ৰাজস্থান ৰয়েলছৰ টাইটেল স্পনছৰ লুমিনাছ পাৱাৰ টেকন’লজিছে গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলৰ সৈতে এক বিশেষ “মিট এণ্ড গ্ৰীট” অনুষ্ঠানৰ আয়োজন কৰে। আইপিএলৰ চলিত ছিজনৰ ৰাজস্থান ৰয়েলছৰ টাইটেল স্পনছৰ হিচাপে লুমিনাছে অনুৰাগীসকলক প্ৰিয় তাৰকাক কাষৰ পৰা এবাৰ লগ পোৱাৰ বা সাক্ষাতৰ ব্যৱস্থা কৰে। এই মিট এণ্ড গ্ৰীট অনুষ্ঠানে ক্ৰিকেটপ্ৰেমী আৰু অনুৰাগীসকলক পচন্দৰ ক্ৰিকেটাৰজনৰ সৈতে জীৱনত প্ৰথমবাৰলৈ মত বিনিময় কৰাৰ পোৱা সুযোগ প্ৰদান কৰিলে। এই অনুষ্ঠানত লুমিনাছ ইণ্ডিয়াৰ মুখ্য মানৱ সম্পদ বিষয়া শিখা গুপ্তা আৰু লুমিনাছৰ এনাৰ্জী ছল্যুচনছ বিজনেছৰ উপাধ্যক্ষ অৰুণ তিৱাৰীৰ লগতে ৰাজস্থান ৰয়েলছৰ অল-ৰাউণ্ডাৰ তথা অসম সন্তান ৰিয়ান পৰাগ, স্পিনাৰ য়ুজবেন্দ্ৰ চাহাল আৰু বেটছমেন শ্বিমৰন হেটমায়াৰকে ধৰি দলটোৰ কেইবাজনো আগশাৰীৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।
লুমিনাছ আৰু ৰাজস্থান ৰয়েলছে নিজৰ ব্ৰেণ্ড সহযোগিতাক আৰু এখোজ আগুৱাই নতুন মাত্ৰা প্ৰদান কৰিলে, কিয়নো লুমিনাছে ৬ এপ্ৰিল, শনিবাৰে অনুষ্ঠিত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ #পিংকপ্ৰমিছ মেচখনৰ সময়ত ‘২৬টা ছয়’ কোবোৱাৰ লগে লগে ১৫৬টা ঘৰৰ সৌৰশক্তি সংযোগ প্ৰদান কৰি নিজৰ দায়ৱদ্ধতা প্ৰদৰ্শন কৰিছে। দুয়োটা প্ৰতিষ্ঠানে নিজৰ সামাজিক ইকুইটি শাখাৰ জৰিয়তে ৰয়েল ৰাজস্থান ফাউণ্ডেচনে আৰ্তজনলৈ সৌৰশক্তি প্ৰদানৰ লক্ষ্যৰে মহিলাৰ নেতৃত্বত এক পৰিৱৰ্তনশীল প্ৰচেষ্টা হাতত লৈছে আৰু ফ্ৰেঞ্চাইজিৰ টাইটেল স্পনছৰ লুমিনাছ পাৱাৰ টেকন’লজিছে এই পদক্ষেপক সমৰ্থন জনাইছে।
এই পদক্ষেপে গ্ৰাম্য মহিলাক সকাহ প্ৰদান কৰিব, লগতে গাঁৱৰ মহিলাসকলক সৌৰ অভিযন্তা হ’বলৈ প্ৰশিক্ষণ প্ৰদান কৰিব আৰু নিজৰ নিজৰ গাঁওসমূহলৈ সৌৰশক্তিৰ ব্যৱহাৰৰ বিষয়ে সজাগতা বিয়পাব। এই ৪০০ ঘণ্টীয়া প্ৰশিক্ষণ ৰাজ্যখনৰ বিভিন্ন স্থানত বৰ্তমান উপলব্ধ। লুমিনাছ পাৱাৰ টেকন’লজিছৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক প্ৰীতি বাজাজে এই বিষয়ে কয় যে, “বৰ্তমানলৈ চলিত ছিজনত দলটোৱে যিধৰণে প্ৰদৰ্শন কৰি আছে তাক লৈ আমি অত্যন্ত আনন্দিত আৰু প্ৰতিটো ছিজনতে এই সম্পৰ্ক অধিক সম্প্ৰসাৰিত হ’ব বুলি আমি আশাবাদী।”