তেজপুৰৰ প্ৰখ্যাত লিচুক বিশ্ববজাৰত অধিক পৰিচিত কৰি তোলাৰ লক্ষ্যৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে দুদিনীয়া “তেজপুৰ লিচু উৎসৱ–২০২৬” । তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণ আৰু আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত অনুষ্ঠিত হোৱা এই উৎসৱক কেন্দ্ৰ কৰি সমগ্ৰ চহৰখনতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ।এইবাৰ ডুবাইলৈ প্ৰায় এক টন লিচু প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও অহা কেইদিনমানৰ ভিতৰত ছিংগাপুৰলৈও বৃহৎ পৰিমাণৰ লিচু ৰপ্তানি কৰা হ’ব ৷
