কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ২০২৬ চনৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ উত্তৰবহীৰ পৰীক্ষণ আৰু প্ৰশ্নৰ পুনৰ মূল্যায়নৰ বাবে আবেদন কৰাৰ সময়সীমা বৃদ্ধি কৰিছে ৷ পূৰ্বৰ ৬ জুনৰ পৰিবৰ্তে এতিয়া ৭ জুনলৈকে বৃদ্ধি কৰা হৈছে আবেদন দাখিলৰ অন্তিম তাৰিখ ৷ ছাত্ৰ-ছাত্ৰীসকলক সময়মতে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ব’ৰ্ডে আহ্বান জনাইছে ৷
