কোটাক মহিন্দ্ৰা বেংক লিমিটেডে (“কেএমবিএল” / “কোটাক”) ইয়াৰ এক্টিভমানি সুবিধা মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যিয়ে গ্ৰাহকসকলক এফডিৰ সুবিধা প্ৰদান কৰে, যেনে ৭%* পৃ.এলৈকে সূত আৰু যিকোনো সময়তে গ্ৰাহকৰ বাবে পুঁজি প্ৰাপ্ত কৰাৰ নমনীয়তা! এক্টিভমানিৰ জৰিয়তে একাউণ্টত অতিৰিক্ত পুঁজি, এক নিৰ্ধাৰিত সীমাৰ বাহিৰেও স্বয়ংক্ৰিয়ভাৱে এক ফিক্সড ডিপজিটলৈ স্থানান্তৰ কৰা হয়, যাৰ ফলত গ্ৰাহকসকলে নিজৰ সঞ্চয় বা জমা পুঁজিৰ ওপৰত অধিক সুত অৰ্জন কৰাত সহায় কৰে।
ভাৰতৰ সকলো অনুমোদিত বাণিজ্যিক বেংকৰ একত্ৰিত সঞ্চয় একাউণ্টত জমা হৈছে ৬২.৯ লাখ কোটি টকা, এই ক্ষেত্ৰত উদ্যোগৰ গড় হৈছে ৩.৫% সুত পি.এ.। এক্টিভমানিয়ে ১৮০ দিনৰ বাবে ৭%* পি.এ. সুতৰ হাৰ প্ৰদান কৰে আৰু সময়তকৈ পূৰ্বৰ লেনদেনৰ বাবে কোনো অকাল প্ৰত্যাহাৰ মাচুল আৰোপ নকৰে, যিয়ে গ্ৰাহকক দুয়োখন ক্ষেত্ৰৰ সৰ্বোত্তম সুবিধা প্ৰদান কৰে। ইয়াৰ বিপৰীতে ফিক্সড ডিপজিট, লিকুইড ফাণ্ডৰ দৰে অন্যান্য সঁজুলিৰ সহায়ত ৬ মাহৰ পৰা এবছৰৰ বাবে অধিক সুত প্ৰদান কৰে। এই বিষয়ে কোটাক মহিন্দ্ৰা বেংকৰ ৰিটেইল লায়েবিলিটী প্ৰডাক্ট এণ্ড চীফ মাৰ্কেটিং অফিচাৰ(দায়বদ্ধতা সামগ্ৰী আৰু মুখ্য বিপণন বিষয়া) ৰোহিত ভাছিনে কয় যে, “এক্টিভমানিয়ে বেংকক অধিক লাভজনক কৰি তোলাৰ লগতে গ্ৰাহকসকলক নিজৰ সঞ্চয় অধিক কাৰ্যক্ষম আৰু লপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম কৰি তোলে।”
অনলাইনযোগে নতুন গ্ৰাহকে একাউণ্ট খুলিব পাৰে অথবা নিকটতম শাখালৈ যাব পাৰে, লগতে বৰ্তমানৰ গ্ৰাহকসকলে মোবাইল বেংকিঙৰ জৰিয়তেও চাইন আপ কৰিব পাৰে নহ’লে কাষৰ বেংক শাখালৈ যাব পাৰে।