কোটাক মহিন্দ্ৰা বেংক লিমিটেডে এতিয়াৰে পৰা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ফিক্সড ডিপ’জিটত সুতৰ হাৰ ২ কোটি টকাৰ পৰা ৭.৮০%লৈ বৃদ্ধি কৰাৰ লগতে বিভিন্ন কাৰ্যকালত বৰ্ধিত ৰিটাৰ্ণ আৰু ৮৫বিপিএছলৈকে প্ৰদান কৰিছে।
কোটাকে জ্যেষ্ঠ নাগৰিকসকলক ২৩ মাহৰ পৰা ২ বছৰীয়া সময়সীমাৰ বাবে ৭.৮০% পৰ্যন্ত আৰু ২ৰ পৰা ৩ বছৰৰ সময়ৰ বাবে ৭.৬৫% পৰ্যন্ত সুত প্ৰদান কৰে, যিয়ে নিজৰ গ্ৰাহকসকলক পুৰস্কৃত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।কোটাক মহিন্দ্ৰা বেংকত ২ কোটি টকাতকৈ কম বিনিয়োগ কৰা নিয়মীয়া গ্ৰাহকসকলে ৩ৰ পৰা ৪ বছৰৰ কাৰ্যকালৰ এফডিসমূহৰ বাবে ৫০ বেচিছ পইণ্ট (বিপিএছ) বৃদ্ধিৰ বাবে লাভান্বিত হয়, কিয়নো কোটাক মহিন্দ্ৰা বেংকে এতিয়া আকৰ্ষণীয় ৭.০০% সুত প্ৰদান কৰিছে।
ইয়াৰ লগতে ৪ৰ পৰা ৫ বছৰীয়া সময়সীমাৰ ক্ষেত্ৰত ৭.০০%লৈ উল্লেখযোগ্য বৃদ্ধি দেখা গৈছে, যি পূৰ্বৰ ৬.২৫%তকৈ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই বিষয়ে কোটাক মহিন্দ্ৰা বেংকৰ গ্ৰুপ প্ৰেচিডেণ্ট তথা কনজিউমাৰ বেংকৰ হেড বিৰাট দিৱানজীয়ে কয় যে, “বিশেষভাৱে জ্যেষ্ঠ নাগৰিকসকলে ফিক্সড ডিপজিটক সুৰক্ষিত আৰু কম বিপদজনক বিনিয়োগ বুলি গণ্য কৰে। আমাৰ বৰ্ধিত এফডি হাৰে এইসকল গ্ৰাহকৰ নিয়মীয়া উপাৰ্জনৰ উৎস বৃদ্ধি কৰিব।”