ডিজিটেল মুদ্ৰাত ইউপিআই ইণ্টাৰঅপাৰেবিলিটি সুবিধা আগবঢ়াইছে কোটাকে

72

কোটাক মহিন্দ্ৰা বেংকে নিজৰ (ই) এপ্লিকেচনত ইউপিআই ইণ্টাৰঅপাৰেবিলিটি(আন্তঃকাৰ্যকাৰিতা) প্ৰৱৰ্তন কৰিছে, যাৰ ফলত ব্যৱহাৰকাৰীয়ে ব্যৱসায়ীসকলৰ কিউআৰ ক’ড স্কেন কৰি গেলামাল(গ্ৰচাৰী)ৰ সামগ্ৰী আৰু দৈনন্দিন ব্যয় হোৱা ধন সহজে পৰিশোধ কৰিব পাৰিব। এয়া আৰবিআইৰ চিবিডিচি পাইলট প্ৰকল্পৰ অংশ। এই সুবিধাই গ্ৰাহকসকলক ব্যৱসায়ীসকলৰ ওচৰত উপলব্ধ বৰ্তমানৰ ইউপিআই কিউআৰ ক’ডেৰে পেমেণ্ট কৰিবলৈ সক্ষম কৰি তুলিব। আজিৰ তাৰিখত এই সুবিধা হৈছে এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে লাইভ(উপলব্ধ)।

‘ই’ এপটোৱে ব্যৱহাৰকাৰীসকলক বেংক একাউণ্টৰ সবিশেষ প্ৰকাশ নকৰাকৈ লেনদেন কৰিবলৈ অনুমতি দিয়ে। ‘ই’ এপে সহজ ট্ৰেন্সফাৰ সমৰ্থন কৰে, বেংক ষ্টেটমেণ্টসমূহ ডিক্লাটাৰ কৰি এক নিৰাপদ আৰু নিয়ন্ত্ৰিত আন্তঃপৃষ্ঠ নিশ্চিত কৰে, লগতে অভিজ্ঞতাক নিৰৱচ্ছিন্ন কৰি তোলে। এই বিষয়ে কোটাক মহিন্দ্ৰা বেংকৰ গ্ৰুপ প্ৰেচিডেণ্ট এণ্ড হেড কনজিউমাৰ বেংক বিৰাট দিৱাঞ্জীয়ে কয় যে, “এই এপ্লিকেচনৰ জৰিয়তে প্ৰদান কৰা সুবিধা, সুৰক্ষা আৰু নিৰাপত্তাই দ্ৰুত লেনদেনত সহায় কৰিব। লগতে গ্ৰাহক আৰু ব্যৱসায়ীসকলক বৰ্ধিত ডিজিটেল বিপ্লৱৰ অংশ হোৱাৰ সুযোগ প্ৰদান কৰিব।”

আজিপৰ্যন্ত ১৩টা বেংক আৰবিআইৰ পাইলট পদক্ষেপৰ অংশ হৈ পৰিছে আৰু ২৬খন চহৰৰ ব্যৱহাৰকাৰীসকলক কেৱল আমন্ত্ৰণৰ আধাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছে। ইউ পি আইৰ সৈতে আন্তঃকাৰ্য্যক্ষমতা সুস্থিৰ হ’লে ভাৰতত সকলোৰে বাবে আৰবিআইয়ে ডিজিটেল টকা (ই₹) মুকলি কৰিব পাৰে। ডিজিটেল টকা হৈছে ভাৰতত আইনী নিবিদা আৰু ইউপিআইৰ সৈতে ইয়াৰ আন্তঃকাৰ্যক্ষমতাই ডিজিটেল মুদ্ৰা গ্ৰহণ কৰাত সহায় কৰি বৃদ্ধি কৰিব।