এতিয়াও আঁতৰা নাই কেৰালা কংগ্ৰেছৰ জটিলতা ৷ কোন হ’ব কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৷ শেহতীয়া বিধানসভা নিৰ্বাচনত যদিও কংগ্ৰেছ মিত্ৰজোঁটে মুঠ ১৪০ খন আসনৰ ভিতৰত ১০২ খন আসন লাভ কৰিছে তথাপিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া বৰ্তমানো নিশ্চিত হোৱা নাই ৷কেৰালা কংগ্ৰেছৰ অস্থিৰতা দূৰ কৰিবলৈ মঙলবাৰে দিল্লীত কংগ্ৰেছ হাইকাণ্ডৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ দিল্লীস্থিত বাসগৃহত ৰাহুল গান্ধীৰ উপস্থিত কেৰালাৰ ৰাজনৈতিক বিষয়টোৰ সম্পৰ্কত আলোচনা কৰাৰ লগতে চীল-মোহৰ মাৰিছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ৷ ইফালে কেচি বেনুগোপাল আৰু ভিডি সাতীশান মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে ৷
