ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কেইৰ ষ্টাৰমাৰৰ। শেহতীয়া স্থানীয় নিৰ্বাচনত লেবাৰ পাৰ্টিৰ হতাশাজনক ফলাফল, জনসমৰ্থন হ্ৰাস আৰু দলৰ ভিতৰত বৃদ্ধি পোৱা অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত অৱশেষত এই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে।
সোমবাৰে পদত্যাগৰ ঘোষণা কৰি ষ্টাৰমাৰে লেবাৰ পাৰ্টিক নতুন নেতা বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈও আহ্বান জনায়। নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে তেওঁ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি যাব বুলিও জানিবলৈ দিয়ে।
উল্লেখ্য যে, ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিক ঐতিহাসিক জয় দিয়াই ক্ষমতালৈ আনিছিল ষ্টাৰমাৰে। কিন্তু ক্ষমতালৈ অহাৰ পিছৰে পৰা নীতি সলনি, জনঅসন্তুষ্টি, দলীয় বিভাজন আৰু স্থানীয় নিৰ্বাচনত ধাৰাবাহিক বিপৰ্যয়ে তেওঁৰ নেতৃত্বক ক্ৰমাৎ দুৰ্বল কৰি তুলিছিল।
বিশেষকৈ চলিত বৰ্ষৰ স্থানীয় নিৰ্বাচনত লেবাৰ পাৰ্টিৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত বহু সাংসদ আৰু দলীয় নেতাই নেতৃত্ব পৰিৱৰ্তনৰ দাবী উত্থাপন কৰে। ইয়াৰ ফলত ষ্টাৰমাৰৰ ওপৰত পদত্যাগৰ চাপ যথেষ্ট বৃদ্ধি পাবলৈ আৰম্ভ কৰে।
পদত্যাগৰ ঘোষণা কৰি ষ্টাৰমাৰে কয় যে, পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত দলক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত তেওঁ এতিয়াও উপযুক্ত ব্যক্তি নেকি, সেই প্ৰশ্নৰ উত্তৰ দলৰ সহকৰ্মীসকলৰ পৰা স্পষ্টভাৱে পাইছে। সেই সিদ্ধান্ত তেওঁ সন্মানেৰে গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে।
উল্লেখ্য যে, ষ্টাৰমাৰৰ পদত্যাগৰ পাছত লেবাৰ পাৰ্টিয়ে অহা জুলাই মাহত নতুন নেতা বাছনিৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰিব। বৰ্তমান গ্ৰেটাৰ মেনচেষ্টাৰৰ প্ৰাক্তন মেয়ৰ তথা সদ্য সংসদলৈ উভতি অহা এণ্ডী বাৰ্নহামক সম্ভাব্য উত্তৰাধিকাৰী হিচাপে সৰ্বাধিক আগবঢ়া প্ৰাৰ্থী বুলি গণ্য কৰা হৈছে।
ষ্টাৰমাৰৰ পদত্যাগে ব্ৰিটেইনৰ ৰাজনীতিত নতুন সমীকৰণৰ সূচনা কৰিছে। নতুন নেতা কোন হয় আৰু লেবাৰ পাৰ্টিয়ে আগন্তুক সময়ত কি দিশে আগবাঢ়ে, তাৰ ওপৰত এতিয়া সমগ্ৰ দেশখনৰ ৰাজনৈতিক মহলৰ দৃষ্টি নিবদ্ধ হৈছে।
