ৰাজ্যত নিৰ্বাচনী বতাহ তুংগত উঠিছে৷ শাসক বিৰোধী এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে৷ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক হাৰত চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ কিয়নো এইবাৰ এটা পৰ্যায়তেই অনুষ্ঠিত হ’ব ভোটদান আৰু ভোটদানৰ বাবে মাজত মাথো আৰু কেইটামান দিন৷ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰো অধিক জোৰদাৰ হৈ পৰিছে৷
সমষ্টি সমষ্টিয়ে এতিয়া নেতা-পালিনেতাই ভিৰ কৰিছে৷ ভোটাৰৰ মন মুহিবলৈ সকলোৱে ন ন আঁচনি আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ সকলোৱে এতিয়া প্ৰতিশ্ৰুতিৰ মায়াজালত ভোটাৰ ৰাইজক আৱদ্ধ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে৷ ইয়াৰ মাজতে দেওবাৰে কংগ্ৰেছে পাঁচটা প্ৰমুখ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাজুৰ্ন খাৰ্গে৷
সেই প্ৰতিশ্ৰুতি সমূহ হৈছে মহিলাৰ বেংক একাউণ্টত বিনা চৰ্তত নগদ ধন ট্ৰান্সফাৰ, জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায়, প্ৰতিটো পৰিয়ালক ২৫ লাখ টকাৰ নগদবিহীন স্বাস্থ্য বিমা, ১০ লাখ খিলঞ্জীয়া ভূমি পুত্ৰক ভূমি পট্টা আৰু মহিলাক মাহিলী ১২৫০ টকাৰ সাহায্য।
