উত্তৰ-পূব ভাৰতত বাঁহ ব্যৱহাৰৰ প্ৰসাৰৰ বাবে কাৰিকৰী সহযোগিতা প্ৰকল্পৰ বিষয়ে আলোচনা কৰিবলৈ এনবিএম আৰু এনইচিডিবিচিৰ সৈতে জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাই গুৱাহাটীত প্ৰথমখন যুটীয়া সমন্বয় সমিতি (জেচিচি) অনুষ্ঠিত কৰে। এনবিএমৰ অধ্যক্ষতাত অনুষ্ঠিত এই সমিতিৰ প্ৰথমখন বৈঠকে বাঁহ খণ্ডত জ্ঞান বিনিময়, দক্ষতা বিকাশ, ব্যৱসায়িক আদান-প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ২০২৫ চনৰ শেষৰ ফালে সম্পূৰ্ণ হ’বলগীয়া এই প্ৰকল্পটোত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰালয়, এনইচিবিডিচি, নৰ্থ-ইষ্ট চেণ্টাৰ ফৰ টেকন’লজি এপ্লিকেচন এণ্ড ৰিচ(নেক্টাৰ), জাপানৰ দূতাবাস, জাইকা আৰু নেশ্যনেল ডিজাইন ইনষ্টিটিউট(এন আই ডি) অসমৰ দৰে প্ৰতিষ্ঠানৰ শিক্ষাবিদৰ সহযোগিতা অন্তৰ্ভুক্ত থাকিব।
এই বাঁহ উদ্যোগ দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেন্দ্ৰবিন্দু হৈ উঠিছে, যাৰ ফলত উত্তৰ-পূব ভাৰতক উদ্ভাৱনৰ কেন্দ্ৰবিন্দু হোৱাৰ ব্যৱহাৰিক সুযোগ প্ৰদান কৰিছে। ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা জাপানে দেশখনৰ এটা বিশেষজ্ঞ দল প্ৰেৰণ কৰিছে, যিয়ে জ্ঞান বিনিময়, দক্ষতা বিকাশ, আৰু ব্যৱসায়িক আদান-প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই প্ৰথমখন বৈঠকত উত্তৰ-পূবৰ বাঁহ খণ্ডত সুযোগ-সুবিধাৰ অন্বেষণ কৰাৰ লগতে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বিষয়ে আলোচনা কৰা হয়। বিশেষকৈ নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাইন(এন আই ডি)ৰ সৈতে সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত বাঁহৰ উদ্ভাৱনীমূলক হস্তশিল্পৰ সৃষ্টি কৰিব।
এই বিষয়ে জাইকা ইণ্ডিয়াৰ মুখ্য প্ৰতিনিধি ছাইতু মিতছুনুৰীয়ে কয় যে, “ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশ, বহনক্ষমতা বৃদ্ধি আৰু অঞ্চলটোত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ বাবে আমি এই প্ৰকল্পটোক কাৰ্যকৰী কৰিবলৈ উৎসৰ্গিত।”