জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ। শনিবাৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পুঞ্চ আৰু ৰাজৌৰী জিলাত সংঘটিত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা আকস্মিক বানে চৰম বিপৰ্যয় কঢ়িয়াই আনিছে। ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগত ইতিমধ্যে ৬ গৰাকী লোকে কৰুণভাৱে প্ৰাণ হেৰুৱালগীয়া হৈছে। হঠাতে অহা বানে সমগ্ৰ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰিছে। বাসগৃহ, খেতি-পথাৰৰ লগতে আন্তঃগাঁথনিৰো ব্যাপক লোকচান হোৱা বুলি জানিব পৰা গৈছে। লগতে দুৰ্যোগৰ ফলত হোৱা ৬ জন লোকৰ মৃত্যুৰ খবৰে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
